নিউজ ডেস্ক:
লকডাউন সফল কৰাৰ বাবে মহানগৰীত কঠোৰ হৈছে গুৱাহাটী মহানগৰ জিলা প্ৰশাসন।আজি পুৱাই লকডাউনৰ সময়ত বিভাগৰ অনুজ্ঞাপত্ৰ নথকাকৈ অবৈধ ভাৱে মুকলি কৰাৰ দোকানৰ বিৰুদ্ধে অভিযান চলাই গুৱাহাটী পৌৰ নিগম আৰু পশুপালন বিভাগে।দিছপুৰৰ কাষতে মহানগৰী ৰাজধানী মছজিদত জি এম চি আৰু পশুপালন বিভাগৰ অভিযানত চীল কৰা হ’ল এটা চেমচাংৰ ডিলাৰ।

চেমচাংৰ ডিলাৰটোত অনুমতিবিহীন ভাবে বিক্ৰী কৰি আহিছিল মাছ আৰু মাংসৰ লগতে কণী।অভিযান কালত প্ৰশাসনে জব্ধ কৰে ৭১কাৰ্টুন কণী।
উল্লেখ যে ব্যৱসায় প্ৰতিষ্ঠান খনত কেৱল শাক-পাচলি বিক্ৰী বাবে লকডাউনৰ সময়ত প্ৰশাসনে দিছিল অনুমতি।
অভিযানকাৰী দলে প্ৰকাশ কৰা অনুসৰি সম্পূৰ্ন অ-স্বাস্থ্যকৰ ভাবে বিক্ৰী কৰি আছিল শাক-পাচলি।ব্যৱসায় প্ৰতিষ্ঠানখন প্ৰশাসনে চিল কৰাৰ লগতে তাত থকা সামগ্ৰী সমূহো জব্দ কৰে।

গুৰুত্বপূৰ্ণ কথা এই যে প্ৰশাসনে নিধাৰণৰ কৰি দিয়া মূল্যতকৈ দোকান খনত অধিক দামত বিক্ৰী হৈ আছিল শাক-পাচলি।এই কথা প্ৰকাশ কৰিছে অভিযানকাৰী দলে।
উল্লেখ কথা এই যে লকডাউনৰ সময়ত অবৈধ ভাৱ মুকলি কৰাৰ দোকানৰ বিৰুদ্ধে কঠোৰ হৈছে পৌৰ নিগম আৰু পশু পালন বিভাগ।













