ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত, ২০ এপ্ৰিলঃ
বোকাখাতৰ মেধাৱী ছাত্ৰীৰ নিৰুদ্দেশৰ বাতৰিয়ে চাঞ্চ্যল্যৰ সৃষ্টি কৰিছিল যোৱা জানুৱাৰী মাহত। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰস্তুতিত ব্যস্ত থকাৰ পৰাই ২১ জানুৱাৰীত নিৰুদ্দেশ হৈছিল বোকাখাত মহকুমাৰ কুৰুৱাবাহীৰ এই নাবালিকা কিশোৰী গৰাকী। কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেধাৱী ছাত্ৰী গৰাকীক দেওবাৰে তিনিমহীয়া অনুসন্ধানৰ মূৰত অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। পূৰ্বৰে পৰাই ছাত্ৰীগৰাকীক ভাবুকি প্ৰদান কৰি অহা কুৰুৱাবাহীৰে বিজয় দাস নামৰ যুৱকে বিগত তিনিটা মাহে ছাত্ৰীগৰাকীক অপহৰণ কৰি ভিন্ন ভিন্ন স্থানত আবদ্ধ কৰি ৰাখিছিল বুলি জানিব পৰা গৈছে। দেওবাৰে অভিযুক্ত বিজয় দাসৰ সৈতে অপহৃতা কিশোৰী গৰাকীক আৰক্ষীয়ে দেৰগাঁও থানাৰ অন্তৰ্গত নাককাটি দেৱী থানৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল। যোৱা ২১ জানুৱাৰীৰ নিশা পঢ়ি থকা অৱস্থাৰ পৰাই নিখোঁজ হোৱা ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লােকে সেই নিশাই বোকাখাতৰ আৰক্ষীক এজাহাৰ দাখিল কৰিছিল যদিও যোৱা তিনিমাহে সন্ধান নোলাল নাবালিকা ছাত্রী গৰাকীৰ। ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬ ধাৰাৰ অধীনত বোকাখাত থানাত ৰুজু হোৱা ৩২/২০২০ নম্বৰ গোচৰ মৰ্মে অনুসন্ধান অব্যাহত ৰাখিছিল বোকাখাত আৰক্ষীয়ে। নিখোঁজ হোৱাৰ সময়তে ছাত্রী গৰাকীৰ মাতৃয়ে জনােৱা মতে বিজয় দাসে ছাত্রী গৰাকীক পূর্বেও ভাবুকি দিছিল, যাৰ বাবে যুৱক জনৰ বিৰুদ্ধে ২০১৮ চনত পৰিয়ালে এজাহাৰ দাখিল কৰিছিল।

পাছত যুৱক জনক বিচাৰি তেওঁৰ পিতৃক থানাত আবদ্ধ কৰি গাঁৱৰ একাংশ লােকে ৩১ জানুৱাৰীত ছাত্রী গৰাকীক চমজাই দি পৰীক্ষাত বহাৰ সুবিধা কৰি দিয়াৰ কথা আছিল যদিও সেয়াও হৈ নুঠিল। কিন্তু ইয়াৰ বিপৰীতে দুয়োৰে মাজত এক প্ৰণয়ৰ সম্পৰ্ক থকা বুলি দাবী কৰি কিশোৰী গৰাকী স্বইচ্ছাৰে পলাই গৈছিল বুলি সাংবাদিকৰ আগত সদৰী কৰিছে ধৃত বিজয় দাসে। সম্প্ৰতি ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰিছে বোকাখাত আৰক্ষীয়ে। উদ্ধাৰ হোৱা নাবালিকা কিশোৰী গৰাকীক স্বগৃহলৈ লৈ যাবলৈ পৰিয়ালৰ লোকক জনোৱা হৈছে আৰু প্ৰাপ্তবয়স্ক হোৱা হেতু অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিছে বোকাখাত মহকুমাৰ আৰক্ষী অধীক্ষক পৃত্থীৰাজ ৰাজখোৱাই।
বিগত তিনিমাহে তেওঁলোকে কোনো ফোন ব্যৱহাৰ কৰা নাছিল আৰু সঘনাই স্থান সলনি কৰি থকাৰ বাবে ছাত্ৰীগৰাকীৰ সন্ধান উলিয়াবলৈ সময়ৰ প্ৰয়োজন হোৱা বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে। উল্লেখ্য যে অপহৃতা কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেধা ছাত্রী গৰাকী ইংৰাজী বিষয়ত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্র ছাত্রীৰ মাজত জিলাৰ ভিতৰত সর্বোচ্চ নম্বৰৰ বাবে পুৰস্কৃত হৈছিল। ইংৰাজী, সমাজ বিজ্ঞানত সর্বোচ্চ নম্বৰ লাভ কৰা ছাত্রী গৰাকীয়ে কমলেশ্বৰ ৰাজখােৱা ফাউণ্ডেশ্যনৰ দ্বাৰা পুৰস্কৃতও হৈছিল।













