ASSAM TIMES POST
নিউজ ডেস্ক:
কলকাতা, হাওৰাসহ পশ্চিমবংগৰ সাত জিলাৰ কৰণা পৰিস্থিতি গুৰুতৰ। তাকে লৈ উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰই টুইট কৰি মহাৰাষ্ট্ৰ, ৰাজস্থান, মধ্য প্ৰদেশ আৰু পশ্চিমবঙ্গৰ কৰণা সংক্ৰমিত অঞ্চলৰ নাম বিশেষভাৱে উল্লেখ কৰে। সেই তালিকাত পশ্চিমবঙ্গৰ সংক্ৰমিত অঞ্চলৰ সংখ্যাই অধিক।
টুইটটোত লিখিছে, “বিশেষকৈ পৰিস্থিতি গুৰুতৰ ইন্দোৰ (মধ্য প্ৰদেশ), মুম্বাই আৰু পুনে (মহাৰাষ্ট্ৰ), জয়পুৰ (ৰাজস্থান) আৰু কলকাতা, হাওৰা, পূব মেদিনীপুৰ, উত্তৰ ২৪ পৰগনা, দাৰ্জিলিং, কালিমপং আৰু জলপাইগুৰিত (পশ্চিমবঙ্গ)।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে দেশৰ ১৭০খন জিলাত সংক্ৰমণৰ হাৰ খুব বেছি বুলি উল্লেখ কৰি সেইসমূহক hotspot হিচাপে চিহ্নিত কৰিছিল কেন্দ্ৰীয় চৰকাৰে। লগতে অভিযোগ উঠিছে কেন্দ্ৰীয় চৰকাৰে বান্ধি দিয়া লকডাউন গাইডলাইনৰ বাহিৰলৈ গৈ নিজৰ মতে কৰ্মকাণ্ড চলাইছে বহু ৰাজ্যই। ইয়াকে লৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক পুনৰবাৰ সাৱধানবাণী শুনালে গৃহ মন্ত্ৰালয়ে।













