ASSAM TIMES POST
নিউজ ডেস্ক:
দেশজুৰি এই পৰ্যন্ত যিমানজন কৰণাত আক্ৰান্ত হৈছে, তাৰ বেছিভাগৰেই মাজত মাৰণ ভাইৰাছৰকোনো উপসৰ্গ দেখা যোৱা নাই। প্ৰায় এমাহজোৰা লকডাউনৰ মাজতো দেশত আক্ৰান্তৰ সংখ্যাই য’ত ২০ হাজাৰ চুবলৈ আগবাঢ়িছে, ঠিক সেই সময়তেই এনে তথ্য পোহৰলৈ আনিলে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR)ৰ গৱেষক ৰমণ আৰ গঙ্গাখেৰকৰে। বিষয়টো অত্যন্ত উদ্বেগজনক বুলিও তেওঁ লগতে জনায়।
এন ডি টি ভিৰ এক সাক্ষাৎকাৰত গঙ্গাখেৰকৰে কয়, “এতিয়া পৰ্যন্ত যিমানজন কৰণাত আক্ৰান্ত হৈছে, তেওঁলোকৰ ৮০ শতাংশৰেই মাজত কোনো উপসৰ্গ দেখা যোৱা নাই। সেয়ে উপসৰ্গহীনসকলক কেনেদৰে চিনাক্ত কৰিব পৰা যাব, তাকে লৈ এতিয়া আমাৰ প্ৰধান দুশ্চিন্তা হৈছে। কাৰণ সংক্ৰমিত ব্যক্তি যিসকলৰ সংস্পৰ্শলৈ আহিছে, এজন এজনকৈ গৈ বিচাৰি উলিওৱা আৰু নতুনকৈ কোনো সংক্ৰমিত হৈছে নেকি তাক বুজাৰ উপায় নাই।” ভাৰতৰ দৰে দেশত উপসৰ্গহীনসকলৰ এজন এজনকৈ পৰীক্ষা কৰাটো অসম্ভৱ বুলিও তেওঁ কয়।













