ASSAM TIMES POST
নিউজ ডেস্ক:
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পিতৃ আনন্দ সিং বিস্তৰ বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ দিল্লীৰ সৰ্বভাৰতীয় আয়ু বিজ্ঞান প্ৰতিষ্ঠানত (এইমছ) আজি মৃত্যু হয়৷ যোৱা কিছুদিন ধৰি যোগী আদিত্যনাথৰ পিতৃক এইমছত ভেণ্টিলেছনত ৰখা হৈছিল৷ আজি পুৱা তেওঁৰ মৃত্যু হয়৷
উল্লেখ্য যে ক’ৰ’ণাৰ বাবে বৰ্তমানে উত্তৰ প্ৰদেশসহ দেশৰ প্ৰতিখন ৰাজ্যতে লকডাউন চলি আছে৷ এই অৱস্থাত পিতৃৰ শেষকৃত্যত যোগ দিয়া সম্ভৱ নহয় বুলি জনালে যোগী আদিত্যনাথে৷ আজি পুৱা এক বিবৃত্তিত তেওঁ কয়, পিতৃৰ মৃত্যুত মই শোকত আছো৷ পিতৃয়ে মোক একনিষ্ঠ আৰু নিঃস্বাৰ্থ হ’বলৈ শিকাইছিল৷ শেষ সময়ত পিতৃৰ কাষত থাকিবলৈ চাইছিলো৷











