ASSAM TIMES POST
অজন্তা তালুকদাৰ
২১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ বোকাখাত মহকুমাত যদিও লক-ডাউনৰ কিছু বিধি শিথিল কৰি দিয়া হৈছে তথাপি বোকাখাত মহকুমাত সামগ্ৰিকভাৱে কঠোৰ হৈ আছে লক-ডাউন। ৰাজহুৱা স্থানত মাস্কৰ ব্যৱহাৰৰ লগতে এতিয়া বোকাখাত মহকুমাত সামাজিক আৰু শাৰিৰীক দূৰত্ব বজাই ৰখা বাধ্যতামূলক।
কিন্তু এফালেদি যেনেকৈ মহকুমা প্ৰশাসন, স্বাস্থ্য বিভাগ, আৰক্ষী প্ৰশাসন, সংবাদকৰ্মী সকলকে ধৰি অনুষ্ঠান প্ৰতিষ্ঠান আৰু সজাগ ৰাইজে ক’ৰ’ণা প্ৰতিৰোধৰ বাবে জোৰদাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে, আনফালেদি একাংশ ৰাইজক বাৰে বাৰে ক’ৰ’ণা ৰ সমস্ত প্ৰসংগ অনৰ্থক কৰি নিজ স্বাৰ্থ পূৰণৰ বাবে লক-ডাউনৰ বিধি উলংঘা কৰি থকা পৰিলক্ষিত হৈছে। বোকাখাতৰ একাংশ ৰাইজৰ অসজাগ কাৰু-কাৰ্য্যই মূৰে কঁপালে হাত দিয়াৰ অৱস্থা কৰিছে প্ৰশাসন আৰু সজাগ নাগৰিকক।

বোকাখাতত তেনে একাংশ ৰাইজৰ হাতত আজি পুণৰবাৰ বিঘ্নিত হোৱা দেখা গ’ল লক-ডাউনৰ বিধি। নিজৰ নিজৰ বেংক একাউণ্টৰ জমা ধন নিবলৈ আহি বোকাখাত নগৰৰ বহু স্থানত গাত গা লগাই জুম পাতি বহি আৰু হেঁচা ঠেলা কৰি দীঘলীয়া শাৰী পাতি এইসকল ৰাইজক এ টি এম আৰু বেংকৰ সন্মুখত যথেষ্ট ভীৰ কৰা অৱস্থাত আজি দেখা গ’ল।
প্ৰশাসনৰ হাজাৰ প্ৰচেষ্টাকো আওকাণ কৰি ক’ৰ’ণা কি, সম্প্ৰতি সমগ্ৰ বিশ্বক কম্পিত কৰি তুলি কিদৰে ক’ৰ’ণাই মানৱ সভ্যতাৰ ভেঁটি খঁহাবলৈ উদ্যত হৈছে ইত্যাদি কথাৰ প্ৰতি ভ্ৰুক্ষেপ কৰিবলৈ অক্ষম এইসকল অসচেতন আৰু অসজাগ নাগৰিক। দূৰ্ভাগ্যজনকভাৱে এই সমাৱেশৰ মাজতে শাৰী পূৰাই থকা দেখা গ’ল যথেষ্ট সংখ্যক জ্যেষ্ঠ নাগৰিক আৰু দুই এক গৰ্ভৱতী মহিলাকো।

বিশেষকৈ বোকাখাত নগৰৰ হাস্পটাল পথত থকা ক্ৰমে এচ বি আই আৰু ইণ্ডিয়ান বেংকৰ এ টি এম-ৰ পৰা ধন সংগ্ৰহ কৰিবলৈ অহা ৰাইজৰ সমগ্ৰ হাস্পটাল পথ জুৰি দুয়োকাষে গাত গা লগোৱা দীঘল শাৰী আৰু ঠায়ে ঠায়ে গছৰ ছাঁ বিচাৰি হেঁচি থেলি বহি পতা জুমৰ লগতে বেংক অৱ বৰোদাৰ এ টি এম ৰ সন্মুখৰ একেই হেঁচা ঠেলা জুম আৰু গাত গা লগোৱা শাৰীয়ে আজি বোকাখাতৰ লক-ডাউন তেনেই অসাৰ কৰি পেলালে।
বোকাখাতৰ এচ বি আই-ৰ মূল কাৰ্যালয়ৰ তলত থকা এ টি এম আৰু বেংকতো দীঘলীয়া শাৰী যদিও সেই স্থানত সামাজিক আৰু শাৰিৰীক দূৰত্ব মানি চলা দেখা গ’ল। কিন্তু ইয়াৰ বাহিৰে বোকাখাত নগৰৰ বাকী এ টি এম সমূহৰ এলেকা আজি লক-ডাউনৰ নীতি বিৰুদ্ধভাৱে সম্পূৰ্ণ জনপূৰ্ণ য’ত সামাজিক, শাৰীৰিক দূৰত্ব বিঘ্নিত।













