ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰ’ণা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে আহ্বান জনোৱা লকডাউনে খালি কৰিলে ৰাজ্যৰ ৰাজকোষ। সোমবাৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অৰ্থনীতি সংকটৰ কথা এক ইংগিত দিয়াৰ পিছতে ৰাজ্য চৰকাৰে আজি ৰাজকোষত দেখা দিয়া বিত্ত সংকট যোৰা মাৰিবলৈ গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
জনতাক মাধমাৰ সোধাই লকডাউনৰ মাজতে ৰাজ্যত প্ৰতিলিটাৰ পেট্ৰল-ডিজিলত পাঁচ টকাকৈ মূল্য বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।গুৰুত্বপূৰ্ণ কথা এই যে আন্তৰাষ্ট্ৰীয় বজাৰত লকডাউনৰ বাবে ইতিমধ্যে দ্ৰুত গতিত হ্ৰাস পাইছে খাৰুৱা তেলৰ মূল্য।
তাৰ পিছত ৰাজ্য জনতাক মাধমাৰ সোধাই সোণোৱাল চৰকাৰে পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্তই সকলোকে আচম্বিত কৰি তুলিছে।উল্লেখ যে বৰ্তমান গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম ৭১.৬১ টকা আৰু ডিজেলৰ মূল্য ৬৫.০৭টকা।













