ASSAM TIMES POST
নিউজ ডেস্ক:
দেশত প্ৰতিদিনে বাঢ়িছে ক’ৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা৷ তাৰ লগতে বাঢ়িছে মৃত্যুৰ সংখ্যা৷ এনে সময়তে আমেৰিকাৰ ‘নেচনেল একাডেমী অব ছাইন্সৰ পৰা সম্প্ৰতি প্ৰকাশিত ক’ৰ’ণা ভাইৰাছ সংক্ৰান্তীয় গৱেষণা পত্ৰত সামান্য হ’লেও স্বস্তি দিছে উপমহাদেশৰ একাংশ বিশেষজ্ঞক৷
এই গৱেষকসকলৰ দাবী ক’ৰ’ণা ভাইৰাছৰ মূল যি উপশ্ৰেণী (ছাব টাইপ) ভাৰতসহ দক্ষিণ আৰু দক্ষিণ-পশ্চিম এছিয়াত বিয়পিছে, সেয়া আমেৰিকা বা ইউৰোপৰ উপশ্ৰেণীৰ তুলনাত এতিয়াও কিছু কম আগ্ৰাসী আচৰণ কৰিছে৷ এই প্ৰসংগত কয়, ভাৰতৰ যি জনঘনত্ব তাত সামাজিক দূৰত্ব বজাই ৰখাই এতিয়া একমাত্ৰ পথ৷
কাৰণ এই ভাইৰাছ সময়ৰ লগে লগে অতি দ্ৰুতভাৱে নিজক মিউটেট বা পৰিৱৰ্তিত হৈ আগন্তুক দিনত আগ্ৰাসী ৰূপ ল’ব পাৰে৷ চিকিৎসক আৰু গৱেষকসকলৰ একাংশই কয়, অতি দ্ৰুত মিউটেট কৰাৰ ক্ষমতা আছে এই ভাইৰাছৰ৷ ই কোনো সময়ত আগ্ৰাসী হৈ উঠিব পাৰে৷ ভাৰত তথা দক্ষিণ পূব এছিয়াত আক্ৰান্ত আৰু মৃত্যুৰ হাৰ ইউৰোপৰ আন দেশৰ তুলনাত এতিয়াও কম৷ বিশেষজ্ঞসকলৰ মতে ভাৰত এতিয়াও ‘বি’ ভাইৰাছ জ’নত আছে৷













