ASSAM TIMES POST
নিউজ ডেস্ক:
দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেইটামান ক্ষেত্ৰত শিথিল কৰি দিছে৷ দেশৰ অৰ্থনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিথিল কৰা দিশসমূহৰ বিষয়ে কেন্দ্ৰই ইতিমধ্যে ৰাজ্যবোৰলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্যবোৰলৈ প্ৰেৰণ কৰা নিৰ্দেশনাত শিথিল কৰা দিশবোৰ হ’ল
❏ কৃষিজাত গৱেষণা কেন্দ্ৰবোৰ লকডাউনৰ আওতাৰ বাহিৰত ৰখা হৈছে৷
❏ শিক্ষাৰ্থীৰ সুবিধাৰ বাবে কিতাপ বিক্ৰী কৰা দোকান আওতাৰ পৰা শিথিল কৰা হৈছে৷
❏ ব্ৰেড ফেক্টৰী, গাখীৰ প্ৰছেচিং ইউনিট, ফ্ল’ৰ মিল, ডাইল মিল, চহৰাঞ্চলৰ বেকাৰি আওতাৰ পৰা শিথিল কৰা হৈছে৷
❏ মৌ উৎপাদন আদি আওতাৰ পৰা শিথিল কৰা হৈছে৷
❏ গৰমৰ বাবে বৈদ্যুতিক ফেন বিক্ৰী কৰা দোকান আওতাৰ পৰা শিথিল কৰা হৈছে৷
❏ আয়ৰ বাবে কাম কৰা লোকক লকডাউনৰ পৰা শিথিল কৰা হৈছে৷
❏ ম’বাইল ৰিচাৰ্জ আৰু প্ৰিপেইড চেণ্টাৰ লকডাউনৰ পৰা শিথিল কৰা হৈছে৷













