ASSAM TIMES POST
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে গুৱাহাটীৰ মহানগৰীৰ সৰুসজাইত কোৱাৰেন্টাইন শিবিৰত উপস্থিত হৈ একাংশৰ ব্যক্তিৰ লগত কথোপকথনত মিলিত হয়।
কোৱাৰেন্টাইনত থকা ব্যক্তিসকলক উদ্দেশ্য কৰি মন্ত্ৰী শৰ্মাই কয় “শান্তিত থাকক, বহুত ধুনীয়াকৈ মৰমত থাকক। কোনো কাৰো গাত হাত নিদিয়াকৈ ভাল-ভাল কথা পাতি সময়খিনি পাৰ কৰক। আজি আপোনালোকৰ জিলা বিলাকলৈ ৰিপোৰ্ট গৈছে ঘূৰি অহাৰ পিচত যদি যাব দিব পাৰি ৰমজানৰ আগত যাব দিম কিন্ত যি খিনিক যাব দিব নোৱাৰে সেই খিনিক মই কোনো কাৰনতে যাব দিব নোৱাৰো”।
গুৰুত্বপূৰ্ণ কথা এই যে, কোৱাৰেন্টাইনত থকা এজন ব্যক্তিক উদ্দেশ্য কৰি মন্ত্ৰী শৰ্মাই খঙত কয় “বাবা বেছি স্মাৰ্ট নেদেখাবি মই কিন্তু জেললৈ পঠাই দিম”।
ইফালে যদি কোনো কোৱাৰেন্টাইনত থকা লোক যদি অসুবিধাত পৰিছে তেন্তে অসুবিধাখিনি দূৰ কৰাৰ বাবে ব্যৱস্থা ল’বলৈ মন্ত্ৰী শৰ্মাই বিভাগক নির্দেশ প্ৰদান কৰে।
আনহাতে, চিকিৎসাকৰ্মী সকলক উদ্দেশ্য কৰি মন্ত্ৰী শৰ্মাই কয় “আপোনালোকে গুচি নাযাব। এইসকল লোকে হুলুস্থুল কৰিলে আপোনালোকে কিয় ভয় খায় ৷ এওঁলোকক ভয় কৰিবৰ বাবে আমি ইয়াত আছো নেকি ৷ এওঁলোকৰ ভালৰ বাবেহে আছো”।













