ASSAM TIMES POST
লকডাউনৰ বাবে ৰাজ্য বিভিন্ন জিলাত আৱদ্ধ হৈ থকা ব্যক্তি সকলক বাবে ৰাজ্য চৰকাৰৰ বিশেষ ব্যৱস্থা।অহা ২৫, ২৬, ২৭ এপ্ৰিলত তিনিদিনৰ বাবে ৰাজ্য বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা যাত্ৰী-শ্ৰমিক তথা ছাত্ৰ-ছাত্ৰীসকলে যাব পাৰিব নিজৰ আৰু কৰ্মস্থলীলৈ। এইকথা এক সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ডঃ শৰ্মাই কয় “মানৱিয়তা স্বাৰ্থত উক্ত তিনিটাদিন আন্তজিলাত আৱদ্ধ হৈ থকা ব্যক্তিসকলক ঘৰ আৰু কৰ্মচাৰীসকলক নিজ নিজ কৰ্মস্থলীলৈ যাবলৈ অনুমতি প্ৰদান কৰা হ’ব”। তাৰ বাবে ৰাজ্য চৰকাৰে নিধাৰণ কৰিছে কেইটামান নিৰ্দেশনা।
সেই অনুসৰি মেডিকেল কলেজসমূহ ২৫ এপ্ৰিলৰ পৰা যিহেতু মুকলি কৰা হ’ব তাৰ বাবে বিভিন্ন জিলাত আৱদ্ধ হৈ থকা ৰোগীসকলে চিকিৎসাৰ বাবে আহিব পাৰিব। তাৰ বাবে নিৰ্দিষ্ট জিলাৰ উপায়ুকৰ পৰা অগ্ৰীম অনুমতি পত্ৰ ল’ব লাগিব।
দ্বিতীয়তে, যিসকল নিজৰ বাহনৰ সৈতে বিভিন্ন জিলাত আৱদ্ধ হৈ আছে সেইসকলক ব্যক্তিয়ে উক্ত তিনিটা দিনত নিজৰ ঘৰলৈ ইচ্ছা কৰিলে যাব পাৰিব। তাৰ বাবে আৱদ্ধ হৈ থকা জিলাখনৰ উপায়ুক্ত অনুমতি ল’ব লাগিব। অনুমতি-পত্ৰসমূহ এদিনৰ বাবে বৈধ হ’ব।
বিভিন্ন জিলাত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক ঠিকাদাৰ-মালিকে উক্ত দিন কেইটাত নিজৰ ঘৰলৈ লৈ যাব পাৰিব। তাৰ বাবে ঠিকাদাৰ-মালিকসকলে ব্যক্তিগত ট্ৰাক-বাছ নতুবা ভাড়া গাড়ী জৰিয়তে লৈ যাব লাগিব। ভাৰত চৰকাৰৰ নির্দেশ অনুসৰি ২৫জন কৈ অধিক ব্যক্তিক একেখন গাড়ীত লৈ যাব নোৱাৰিব।
ইয়াৰ উপৰিও, যিসকল ব্যক্তি নিজৰ গাড়ী নাই বিশেষকৈ ছাত্ৰ-ছাত্ৰী, বিভিন্নজন ব্যক্তি ফুৰিবলৈ আহি আৱদ্ধ হৈ থাকিব লগা হৈছে তেওঁলোকক ঘৰলৈ যাবলৈ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছৰ ব্যৱস্থা কৰা হ’ব। সুবিধা গ্ৰহণ কৰিবলৈ যাত্ৰীসকলে ১০৪ নম্বৰত এতিয়াৰে পৰা নিজৰ নাম অন্তভুক্তি কৰিব লাগিব।
উল্লেখ যে, এই ব্যৱস্থা কেৱল তিনিদিনৰ বাবে থাকিব। সময়ছোৱাত লকডাউন চলি থাকিব। কোনো কাৰণত নহয় শিথিল। মন্ত্ৰী শৰ্মাই কয়।













