ASSAM TIMES POST
ক’ৰ’ণা মহামাৰীৰ বাবেই বৰ্তমান গোটেই বিশ্বত লক ডাউন চলি আছে। মানৱ সভ্যতাক ধ্বংসকাৰী কৰোনা মহামাৰীৰ প্ৰকোপ আৰু কিমান দিনলৈ বা এই মহামাৰীৰ অৱসান ঘটিবনে? দেশৰ বা অসমৰ ৰাশিচক্ৰই কি কয় এই সমষ্ট কথাৰ উৎসহ বিচাৰি অসম সন্তান সু-প্ৰতিষ্ঠিত অতি জনপ্ৰিয় জ্যোতিষ আচাৰ্য তথা শাস্ত্ৰচাৰ্য ভৰত ৰাজৰ পৰা জানিবলৈ বিচৰাত তেওঁ কয়- ১৩ এপ্ৰিল ২০২০ চনৰ পৰা অসমীয়া নৱবৰ্ষৰ আৰম্ভণি ঘটে। ধনু ৰাশি ধনু লগ্নত বহাগৰ আৰম্ভ হয়।

মহাদশা হ’ল শুক্ৰ। শুক্ৰ একাদশ পতি হিচাপে ষষ্ঠ তথা নিজ গৃহত অৱস্থান কৰে। নিজ গৃহত অৱস্থান কৰা হিচাপে শুক্ৰ বহু পৰিমাণে বলবান যদিও ষষ্ঠ গৃহৰ অবস্থান বেয়া। সেয়ে দেশৰ অবস্থা ভাল হ’বলৈ কিছু সময় লাগিব। অৱশ্যে, মে’ মাহৰ পৰা মহামাৰী ক’ৰ’ণা ৰ নিগেটিভ এনাৰ্জী কিছু পৰিমানে কমি আহিব কিছুদিনলৈ। ইয়াৰ নিগেটিভ এনাৰ্জী কমিলেও ২২ ছেপ্টেম্বৰ, ২০২০ চনলৈ ইয়াৰ প্ৰভাৱ নকমে। অৱশ্যে অসমত নতুনকৈ ক’ৰ’ণা ত আক্ৰান্ত হলেঁও মৃত্যুৰ বাতৰি নাহে এয়া অসমৰ বাবে ভাল খবৰ।
ইফালে সাৰদীয় দুর্গা পূজা এইবাৰ কাটি মাহত হ’ব। দেৱী অহা যোৱাৰ সময়ছোৱাও জৌতিষ শাস্ত্ৰত গুৰুত্বপূৰ্ণ কথা। যোৱা বছৰ দেৱী দুর্গাৰ আগমণ আৰু গমন ঘোঁৰাত কৰিছিল। দুয়োটা ফলেই বেয়া আছিল। তাৰেই হয়তো প্ৰভাৱ এতিয়াও চলি আছে। ঘোঁৰাৰ যাত্ৰা সদায় চত্ৰভংগ যাৰ ফলত গোটেই বিশ্বৰ পুলিচ প্ৰশাসন ছত্ৰভংগ দিব লগা হৈছে এটা মহামাৰীৰ বাবে। এইবাৰ দেৱী দুর্গাৰ আগমণ ঘটিব দোলাত ইয়াৰ প্ৰভাবো বেয়া। পিছে গমন কৰিব হাতীত। হাতীৰ যাত্ৰা ফল ভাল। গতিকে, সমষ্ট প্ৰতিকূল পৰিৱেশ পাবলৈ আমি ২০২১ লৈ অপেক্ষা কৰিব লাগিব।













