ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউনৰ সময়ত অনুজ্ঞাপত্ৰ অবিহনে মুকলি কৰা ব্যৱসায় প্ৰতিষ্ঠান বিৰুদ্ধে গুৱাহাটী মহানগৰীত অভিযান।অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগম, পশুপালন বিভাগ আৰু পশুধন নিগমৰ যৌথ উদ্যোগত বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত চলে উচ্ছেদ অভিযান।
উল্লেখ যে ব্যৱসায় প্ৰতিষ্ঠান সমূহত সামাজিক দূৰত্ব ৰক্ষা কৰি স্বাস্থ্যসন্মত মাংস, কণী নিৰ্ধাৰিত মূল্যত উপলব্ধ হৈছে নে নাই এই সন্দৰ্ভত বুজলোৱাৰ লগতে অনুমতি পত্ৰ পৰীক্ষা কৰে।উক্ত পৰীক্ষাত মহানগৰীত একাংশ অসাধু ব্যৱসায়ীয়ে পৰিস্থিতি সুযোগ লৈ অধিক মূল্যত সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ পোৱাৰ পিছতেই তাৎক্ষণিক ভাৱে অধ্যক্ষ গৰাকীয়ে দিশপুৰ লাষ্টগেট, চাৰ্ভে, বেলতলা, বশিষ্ঠ, ছয়মাইল, জয়ানগৰ, হাতিগাওঁ, খানাপাৰা অঞ্চলত অভিযানকাৰী দলৰ উচ্ছেদ আৰম্ভ কৰে।
গুৰুত্বপূৰ্ণ কথা এই যে অনুমতি নোলোৱাকৈ অধিক মূল্যত বিক্ৰী কৰি থকা বহুকেইজন বিক্ৰেতাৰ পৰা বহু পৰিমাণৰ কুকুৰা, কণী আৰু শাক-পাচলি স্থলীতে পৌৰ নিগমে জব্দ কৰে।

একেদৰে ছয়মাইল আৰু বেলতলাত দুখন দোকান নিগমে ছীল কৰে।অধ্যক্ষ শইকীয়াই জব্দ কৰা সামগ্ৰীসমূহ বৃদ্ধাশ্ৰম, অনাথালয়ত বিতৰণৰ বাবে পৌৰ নিগমক ব্যৱস্থা লবলৈ নির্দেশ প্ৰদান কৰে।
অভিযান কালত পশুপালন বিভাগৰ সঞ্চালক ড০ পুলিন দাস, পৌৰ নিগমৰ যুটীয়া আযুক্ত, পশুপালন বিষয়া আদি উপস্থিত থাকে।













