ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউনৰ মাজতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজত আজি চান্দমাৰী ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থা চমুকৈ নিয়া বিশেষ আদালতত হাজিৰ কৰা হয় কৃষক মুক্তি সংগ্রাম সমিতি উপদেষ্টা অখিল গগৈ, সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু বিতু সোনোৱালক।চাবুৱা থানাৰ নিয়া’লৈ হস্তান্তৰ কৰা গোচৰৰ ভিত্তিত বিশেষ আদালতত হাজিৰ কৰা হয় কৃষক নেতা অখিলক।নিয়া’ ০১/২০২০নম্বৰ গোচৰৰ ভিত্তি আদালতত হাজিৰ কৰোৱা সময়ত কৃষক নেতা অখিল কয় “সাংঘাতিক ধৰণৰ যন্ত্ৰণাত আছোঁ।অসমবাসীৰ ৰাইজ বেমাৰৰ পৰা বাছি থাকক, সাৱধানতা অৱলম্বন কৰক”।
“তিনিটা গোচৰ মোৰ ওপৰত নতুনকৈ জাপি দিয়া হৈছে।নিয়া’ৰ এটা নতুনকৈ গোচৰ জাপি দিয়া হৈছে”-গগৈয়ে কয়।
পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি লৈও মত প্ৰকাশ কৰি গগৈয়ে কয় ” পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি কমাব লাগে।বাহিৰত আৱদ্ধ হৈ থকা ৪-৫লাখ বিশেষকৈ যুৱক সকলক ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগে।প্ৰতিটো পৰিয়ালক ক্ষতিপূৰণ দিব লাগে”।
আনহাতে আন এজন কাৰাৰুদ্ধ নেতা ধৈৰ্য কোঁৱৰে কয় “বিশ্ব বজাৰত খাৰুৱা তেলৰ দাম হ্ৰাস পোৱাৰ পিছতো চৰকাৰে অসমত খাৰুৱা তেলৰ দাম বৃদ্ধি কৰিছে এইয়া হঠকাৰী সিদ্ধান্ত অসমৰ জনতাক হাৰাশাস্তি কৰা হৈছে”।













