ASSAM TIMES POST
কৰ’না ভাইৰাচ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে তৎপৰ ৰাজ্য স্বাস্থ্য বিভাগ ৷ ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চ নিৰ্দেশ মৰ্মে আজিৰে পৰা ৰাজ্যত আৰম্ভ হ’ল ৰেপিড টেষ্টৰ ৷
স্পেনিচ গাৰ্ডেনত পৰীক্ষা মূলকভাৱে আৰম্ভ কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে উপস্থিত থাকে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা ৷
স্পেনিচ গাৰ্ডেনৰ ১০০ জন নিৰ্বাচিত লোকক কৰা হয় পৰীক্ষা ৷ স্বাস্থ্য মন্ত্ৰীৰ উপস্থিতিত ১৫ গৰাকীক পৰীক্ষা কৰি ফলাফল ঋনাত্মক পোৱা গৈছে ৷ এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী শৰ্মাই ৷
উল্লেখ্য যে, স্পেনিচ গাৰ্ডেনত এগৰাকী ব্যক্তিৰ কৰ’না আক্ৰান্ত বুলি ধৰা পৰাৰ পিচতে প্ৰশাসনৰ পৰা বন্ধ কৰি দিয়া হৈছিল প্ৰৱেশ প্ৰস্থান ৷ আজি ৰেপিড টেষ্টৰ সকলো পৰীক্ষাৰ ফলাফল ঋনাত্মক হ’লে ৪৮ ঘন্টাৰ ভিতৰত পুনৰ খুলি দিয়া হব স্পেনিচ গাৰ্ডেন ৷ এই কথা মন্ত্ৰী শৰ্মাই উল্লেখ কৰে ৷
গুৰুত্বপূৰ্ণ কথা এই যে ভাৰত চৰকাৰৰ পৰা লাভ কৰা ৯ হাজাৰো অধিক ৰেপিডটেষ্ট লাভ কৰিছে ৰাজ্য চৰকাৰে ৷ ১৫ মিনিটৰ ভিতৰত পাব ফলাফল ৷
যিহেতু ৰাজ্যত ২৫ এপ্ৰিলৰ পৰা আটাইকেইখন চিকিৎসা মহাবিদ্যালয় আৰম্ভ হ’ব সকলো ৰোগীৰ চিকিৎসা তাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব ৰেপিড টেষ্ট ৷ কোনো ৰোগীৰ ওপৰত যদি চিকিৎসকৰ সন্দেহ হয় বা চিকিৎসা কৰাৰ পূৰ্বে চিকিৎসকে ৰোগীগৰাকীৰ কৰ’না আক্ৰান্ত নেকি সেয়া পৰীক্ষা কৰিব পৰিব ৷ এই কথা জনাই মন্ত্ৰী শৰ্মাই
ইফালে, আঠগাঁও কবৰস্থান মচজিদত আগন্তুক দুই এদিনৰ ভিতৰতে ৰেপিড টেষ্ট কৰিব ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷
আনহাতে, এসপ্তাহৰ মূৰত আজি ধুবুৰীৰ বিলাসীপাৰাত ধৰা পৰা কৰ’না আক্ৰান্ত ৰোগীগৰাকী সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয় কোৱাৰেন্টাইনত থকা ব্যক্তি গৰাকীৰ দেহত ১৮ দিনত ধৰা পৰিছে কৰ’নাৰ উপস্থিতি ৷ চীনে আমাক জনোৱা অনুসৰি ১৪ দিনটে ধৰা পৰাৰ কথাটো এতিয়া কিছু সলনি হৈছে ৷ তাৰ বাবে যিসকল ব্যক্তিৰ দেহত কৰ’না ধৰা পৰিছে বা প্ৰত্যেক্ষ সংস্পৰ্শত আছে তেওঁলোকক ২৮ দিনৰ বাবে কৰা হ’ব কোৱাৰেন্টাইন ৷













