ASSAM TIMES POST
ৰাজ্যবাসীৰ বাবে স্বাস্থ্য বিভাগে আজিৰে পৰা আৰম্ভ কৰিলে ধনন্তৰী আঁচনি।ক’ৰনাৰ বাবে চলি থকা লকডাউনৰ সময়ত যিসকল ৰোগীয়ে ১০কিঃমিঃ ভিতৰত প্ৰয়োজনীয় ঔষধ পোৱা নাই সেইসকল ৰোগীক সহায় কৰাৰ বাবে ৰাজ্য স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে ‘ধনন্তৰী আঁচনি’।এই কথা ঘোষণা স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয় এক সংবাদমেলত মন্ত্ৰী শৰ্মাই কয় ইতিমধ্যে অসম আৰক্ষীয়ে ৰাজ্য ৪৮০০জন ব্যক্তিক লকডাউনৰ সময়ত যোগান ধৰিছে ঔষধ সেই কথা লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে এই আঁচনি। আঁচনিৰ জৰিয়তে কোনো ৰোগীয়ে যদি নিজৰ অঞ্চলৰ ফাৰ্মাচী অথবা ১০কিঃমিঃ ভিতৰত প্ৰয়োজনীয় ঔষধ নাপাই সেইসকলক এই আঁচনিৰ জৰিয়তে ঘৰত যোগান ধৰা হ’ব ঔষধ। তাৰ বাবে স্বাস্থ্য বিভাগৰ ১০৪ নম্বৰত ফোন কৰিব লাগিব।
গুৰুত্বপূৰ্ণ কথা এই যে, মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি যদি ঔষধতো দাম ২০০ টকাৰ ভিতৰত হয় তেন্তে স্বাস্থ্য বিভাগে বিনামূলীয়াকৈ ঘৰত দি আহিব ঔষধ। একেদৰে তাৰ ওপৰত হ’লে ব্যক্তিগৰাকীয়ে ঔষধ দিবলৈ যোৱা স্থানীয় আশাকর্মীগৰাকীক দিব লাগিব প্ৰয়োজনী টকা। ৰাজ্য স্বাস্থ্য বিভাগে আঁচনি বাবে ৰাজ্য চাৰি হাজাৰ আশাকর্মীক প্ৰদান কৰিছে দায়িত্ব।
উল্লেখ কথা এই যে, মন্ত্ৰী শৰ্মাই উল্লেখ কৰা মতে প্ৰয়োজনীয় ঔষধ যদি নিজ জিলাতে লাভ কৰে তেন্তে তাৰ বাবে সময় ২৪ ঘণ্টাৰ প্ৰয়োজন হ’ব। ৰাজ্য ভিতৰত অন্য জিলাৰ ক্ৰয় কৰিবলৈ হলে প্ৰয়োজন হ’ব ৪৮ ঘণ্টা আৰু ৰাজ্য বাহিৰৰ পৰা আনিবলৈ হ’লে এক সপ্তাহৰ সময় প্ৰয়োজন হ’ব।