ASSAM TIMES POST
নিউজ ডেস্ক : বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহে জুলাইৰ পৰিৱৰ্তে ছেপ্টেম্বৰৰ পৰাহে নতুন শিক্ষাবৰ্ষ আৰম্ভ কৰিব পাৰিব। বিশ্ববিদ্যালয় অনুদান আয়োগে নিযুক্তি দিয়া এক পেনেলে দেশজুৰি চলি থকা কৰোনা ভাইৰাছৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই পৰামৰ্শ দিছে।
ইউ জি চিয়ে কৰোনা মহামাৰীৰ বাবে দেশত চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত দুখন কমিটি গঠন কৰিছিল শৈক্ষিক লোকচান আৰু অনলাইন শিক্ষাৰ প্ৰসংগত।
হাৰিয়ানা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰ চি কুহাদৰ নেতৃত্বত লকডাউনৰ সময়ত বিশ্ববিদ্যালয়সমূহত পৰীক্ষাসমূহ পৰিচালনা আৰু বিকল্প শৈক্ষিক কেলেণ্ডাৰৰ পথ নিৰ্ধাৰণৰ বাবে এখন কমিটি গঠন কৰা হৈছিল।
দ্বিতীয় কমিটিখন, অনলাইন শিক্ষাৰ ব্যৱস্থাসমূহ উন্নয়নৰ বাবে পৰামৰ্শ প্ৰদানৰ বাবে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নাগেশ্বৰ ৰাওৰ নেতৃত্বত গঠন কৰা হৈছিল। শুকুৰবাৰে দুয়োখন পেনেলেই তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰে।
এখন পেনেলে শৈক্ষিক বৰ্ষ জুলাইৰ পৰিৱৰ্তে ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰাৰ পোষকতা কৰে। আনখনে যদি বিশ্ববিদ্যালয়সমূহৰ আন্তঃগাঁথনি আছে তেনেহ’লে লকডাউনৰ সময়ছোৱাত অনলাইন পৰীক্ষা আৰু তাৰ পিছত কাগজ-কলমৰ পৰীক্ষাৰ বাবে এটা তাৰিখ বিবেচনা কৰিব পাৰে বুলি পৰামৰ্শ দিয়ে।
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ সূত্ৰ মতে, দুয়োখন প্ৰতিবেদন এতিয়া অধ্যয়ন কৰা হ’ব আৰু এই সম্পৰ্কে বিভাগীয় জাননী পৰৱৰ্তী সপ্তাহত জাৰি কৰা হ’ব।