ASSAM TIMES POST
নিউজ ডেস্ক : কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব পুণ্যসলীলা শ্ৰীবাস্তৱে স্পষ্ট কৰি দিছে যে ৰেষ্টুৰেণ্ট আৰু চেলুন খোলাৰ কোনো অনুমতি দিয়া হোৱা নাই। গ্ৰাম্য এলেকাই হওক বা অন্য কোনো স্থান, কোনো ঠাইতে ৰেষ্টুৰেণ্ট খোলাৰ অনুমতি দিয়া হোৱা নাই। একেদৰে চেলুনসমূহো খোলাৰ ক্ষেত্ৰত কোনো অনুমতি দিয়া হোৱা নাই বুলি তেওঁ প্ৰকাশ কৰে।

শ্ৰীবাস্তৱে কয় যে চেলুন আৰু ৰেষ্টুৰেণ্ট দুয়োটাই সেৱামূলক ব্যৱসায়ত পৰে। কিন্তু গৃহ মন্ত্ৰালয়ৰ অধিসূচনাত সেৱামূলক ব্যৱসায়ক অনুমতি প্ৰদান কৰা হোৱা নাই।













