ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউনৰ মাজতে ৰাজ্যত নিষিদ্ধ গাহৰি মাংসৰ কিনা-বেচা।অস্বাভাৱিক হাৰত ৰাজ্য ছয়খন জিলাত সহস্ৰাধিক গাহৰি মৃত্যু হোৱা বাবে ৰাজ্য কৃষি তথা পশু পালন বিভাগৰ মন্ত্ৰী অতুল বৰাই গাহৰি এতিয়াৰে পৰা ৰাজ্যত গাহৰি মাংস সম্পূৰ্ন ৰূপে কিনা-বেচা বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।
শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট আৰু বিশ্বনাথ জিলাত গাহৰি মৃত্যু হৈছে ১৯৬৬টা।এই কথা সংবাদ মেলত প্ৰকাশ কৰিছে মন্ত্ৰী বৰাই।
ইতিমধ্যে বিভাগৰ পৰা প্ৰেৰণ কৰা হৈছিল পাঁচ জনকৈ চিকিৎসৰ দল।চিকিৎসকৰ দলে সংগ্ৰহ কৰিছে গাহৰি নমুনা।নমুনা সমূহ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ভূপাললৈ।ভূপালৰ পৰা অহা ফলাফলৰ ওপৰত ভিত্তি কৰি বিভাগে পৰৱৰ্তী পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্ত্ৰী বৰাই কয়।
ইফালে নুমনা সংগ্ৰহ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সৈতেও মিলিত হয় বৈঠকত।মুখ্যমন্ত্ৰীৰে বৈঠকৰ পিছতে তাৎক্ষণিক ভাৱে দেওবাৰৰ পৰা ৰাজ্যত ফলাফল নহা পয্যন্ত গাহৰি কিনা-বেচা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।













