ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
গোলাঘাট জিলাৰ মাধ্যমিক শিক্ষা খণ্ডৰ ব্যতিক্ৰম শিক্ষা ব্যৱস্থাৰ কথাই লক-ডাউনত আবদ্ধ জিলাখনৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকললৈ আনিছে আশাৰ জোৱাৰ। এই ব্যতিক্ৰমী পদক্ষেপ গোলাঘাট জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ড° সমীৰণ বৰাৰ।
শিক্ষা বিষয়াগৰাকীৰ নেতৃত্বত আৰু ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, চমুকৈ আৰ আম এচ এ, গোলাঘাটৰ উদ্যোগত লক-ডাউনৰ মাজতে গোলাঘাট জিলাৰ ১৬০ খনৰো অধিক হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকল আজি বহিছে সম্ভৱতঃ ৰাজ্যখনৰ ভিতৰতে প্ৰথমবাৰৰ বাবে বছৰটোৰ প্ৰথমটো অনলাইন মূল্যায়নত।
গোলাঘাট জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ড° সমীৰণ বৰাৰ আন্তৰিক সহযোগত একাংশ কৰ্মোদ্যমী শিক্ষাগুৰুৰ উদ্যোগত মোবাইলৰ জুম এপৰ জড়িয়তে ২৪ মাৰ্চৰ পৰা আৰম্ভ হৈছিল অনলাইন পাঠদান ব্যৱস্থা। এই ব্যৱস্থাই সামৰি লৈছিল জিলাখনৰ ৯০ শতাংশ ছাত্ৰ ছাত্ৰীক। জিলাখনৰ মুঠ ৪৬ হাজাৰ ছাত্ৰ ছাত্ৰীৰ ৩৯ হাজাৰে অংশ লৈছিল এই পাঠদান ব্যৱস্থাত।
৩৭ গৰাকী শিক্ষকে পাঠদান কৰা এই অনলাইন ব্যৱস্থাৰ পাছত আজি আৰম্ভ হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনলাইন মূল্যায়ন।আজিৰ এই মূল্যায়নত জিলাখনৰ অষ্টম শ্ৰেণীৰ ৬৫৩৯ গৰাকী, নৱম শ্ৰেণীৰ ১১,২১৪ আৰু দশম শ্ৰেণীৰ ৬৮৮৯ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে বুলি জানিব পৰা গৈছে। ইফালে জিলাখনত লক-ডাউন চলি থকাৰ পাছতো ছাত্ৰ ছাত্ৰীৰ হকে গ্ৰহণ কৰা এই ব্যৱস্থাক প্ৰশংসা কৰিছে সৰহ সংখ্যক অভিভাৱকে।
কিয়নো ২৪ মাৰ্চৰ পৰা প্ৰতিদিনে ৮ বজাৰ পৰা ১০ বজালৈ, ১১ বজাৰ পৰা ১-৪০ লৈ, ৪ বজাৰ পৰা ৬-৪০ লৈ পাঠদান চলি থকাৰ বাবে জিলাখনৰ এই বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰী ঘৰতে আবদ্ধ হৈ থকাৰ লগতে শৈক্ষিক অৰ্হতাও অৰ্জন কৰিছিল। ইফালে একাংশ শিক্ষানুষ্ঠানৰ মূৰব্বীয়েও এই ব্যৱস্থাক অতি আদৰণীয় বুলি অভিহিত কৰিছে।












