ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ
এই মহা দুৰ্যোগৰ সময়ত সেৱাৰ মনোভাবেৰে নিজ নিজ দায়িত্ব পালন কৰি যাব লাগে৷ চৰকাৰী আঁচনিসমূহ যাতে প্ৰকৃত হিতাধীকাৰীয়ে লাভ কৰে তাৰ বাবে বিভাগসমূহৰ বিষয়া-কৰ্মচাৰীসকলে বিশেষভাৱে মনোনিৱেশ কৰিব লাগে৷ তেতিয়াহে প্ৰকৃত হিতাধীকাৰীসকল আঁচনিসমূহৰ পৰা বঞ্চিত নহয়।’ আজি গোলাঘাটত কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী গৰীব অন্ন যোজনা আঁচনি উদ্বোধন কৰি অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে সংবাদ মাধ্যমক এনেদৰে কয়।
খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ৰেচন কাৰ্ড থকা লোকসকলক এই আঁচনিৰ দ্বাৰা গোলাঘাট জিলাৰ ২,২০,৬২৬ গৰাকী হিতাধীকাৰীক ১ কিলোগ্ৰাম দাইল প্ৰদান কৰা হ’ব। এই কাৰ্যসূচী ৩ মাহলৈ থাকিব বুলিও জানিব পৰা যায়। গোলাঘাট গ্ৰাহক হ’লচেলৰ সমুখত অনুষ্ঠিত কৰা উদ্বোধনী অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত লক্ষিমী দত্ত আৰু যোগান বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে৷













