ASSAM TIMES POST
পৃথিৱীৰ কেইবাখনো দেশত কৰ’না ভাইৰাছ প্ৰতিহত কৰিবলৈ ঔষধ আবিষ্কাৰৰ বাবে গৱেষক, চিকিৎসক আৰু বিজ্ঞানী ব্যস্ত আছে তেনে সময়তে যোগগুৰু ৰামদেৱে দিছে এটা ঔষধ৷ কৰ’না ভাইৰাছক শেষ কৰিবৰ বাবে ‘ৰাম ঔষধ’ দিছে যোগগুৰুজনে ৷ হাইড্ৰক্সিক্লোৰোকুইন ইয়াৰ বাবে ঔষধ নহয়৷ সেই ‘ৰামবান’ হ’ল সকলোৰে পাকঘৰত থকা ঈষৎ ৰঙা ৰঙৰ সৰিয়হৰ তেল ৷ নাকৰ দুয়োটা ফুটাত তেল দিলেই হ’ব ৷
একেবাৰে শেষ হ’ব কৰ’না ভাইৰাছ৷ এখন সৰ্বভাৰতীয় বৈদ্যুতিন সংবাদ মাধ্যমত কৰ’না ভাইৰাছক লৈ আলোচনাত অংশগ্ৰহণ কৰিছিল ৰামদেৱে ৷ কিদৰে ন’ভেল কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব পাৰি ৷ এনে প্ৰশ্ন উত্তৰ ৰামদেৱে ‘উজ্জই’ প্ৰাণায়ামৰ কথা কয় ৷ তেওঁৰ দাবী বয়স্ক, বিশেষকৈ যিসকলৰ হাইপাৰ টেনছন, মধুমেহ বা হাৰ্টৰ সমস্যা আছে তেওঁলোকে ৩০ ছেকেণ্ড নিঃশ্বাস বন্ধ কৰি থব পাৰিলে বুজাব লাগিব যে তেওঁৰ শৰীৰত কৰ’না নাই ৷ কম বয়সীয়াৰ ক্ষেত্ৰত এক মিনিট শ্বাস বন্ধ ৰাখি পৰীক্ষা কৰিব পাৰে ৷
আনহাতে, প্ৰাণায়ামৰ পদ্ধতি শিকাই দি ৰামদেৱে কয়, নাকৰ ফুটা দুটাত সৰিয়হৰ তেল দিলে শ্বাসনলীত যদি কৰ’না ভাইৰাছ থাকে তেনে সেয়া পেটলৈ চলি যাব আৰু তাত এছিদে জীৱাণুবোৰ মাৰিব পাৰিব ৷













