ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউনৰ মাজতে পুনৰ ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।অহা ২৮,২৯,৩০এপ্ৰিলত ৰাজ্য ব্যক্তিগত বাহনৰ গৰাকীলৈ দিয়া হব ৰাউণ্ড ট্ৰিপৰ সুবিধা।এই কথা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।উল্লেখ যে ৰাজ্য চৰকাৰে লকডাউনৰ সময়ত বিভিন্ন জিলাত আৱদ্ধ হৈ থকা ব্যক্তিগত বাহন সমূহ যদি যাব বিচাৰে তেন্তে একমুখী যাত্ৰাৰ বাবে আৱেদন সংগ্ৰহ কৰিছিল।সেই সময়ত ৰাজ্যত ৭৩হাজাৰ খন আৱেদন পাইছিল চৰকাৰে।৩৪,৫৫৯খন আৱেদন আছিল ৰাউণ্ড ট্ৰিপৰ।কিন্তু সেই সময়ত চৰকাৰে ৰাউণ্ড ট্ৰিপৰ অনুমতি নিদিয়া বাবে ব্যক্তিসকলক যাত্ৰাৰ অনুমতি দিব পৰা নাছিল।কিন্তু শেহতীয়া ভাৱে ৰাজ্য চৰকাৰে সেই সকল ব্যক্তিক ৰাউণ্ড ট্ৰিপৰ বাবে অনুমতি দিব বুলি ঘোষণা কৰিছে মন্ত্ৰী শৰ্মাই।
গুৱাহাটীৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী শৰ্মাই কয় “তিনিদিনৰ বাবে অনুমতি দিয়া অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ সেৱা যাত্ৰী আৱেদনৰ সংখ্যা ওপৰত ভিত্তি কৰি ৩০এপ্ৰিল লৈ বৃদ্ধি কৰা হৈছে।যিহেতু অসম ৰাজ্যিক পৰিবহন নিগমত ৪১হাজাৰ ব্যক্তিক তিনিদিনত নিব পৰাকৈ বাছৰ সুবিধা নাই।তাৰ বাবে লোৱা হৈছে এই অতিৰিক্ত সময়”।
উল্লেখ যে ৰাজ্যৰ ভিতৰত বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা ব্যক্তিসকলক যদি আমি নিজৰ নিজৰ ঠাইলৈ প্ৰেৰণ কৰিব পৰা যায়।তেতিয়া অহা ৩মে’ৰ পিছত বহিৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ লোকসকলৰ ব্যৱস্থা লবলৈ আমাৰ সুবিধা হব বুলি উল্লেখ কৰে মন্ত্ৰী শৰ্মাই।













