ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰ’ণা ভাইৰাছে কিমান দূৰ পৰ্যন্ত গতি কৰিব পাৰে? এই ভাইৰাছে ওপৰলৈ উঠিব পাৰে নেকি? কোনো সংক্ৰমিত ব্যক্তিৰ পৰা কিমান দূৰত থাকিলে আপুনি নিৰাপদ! এনে ধৰণৰ অনেক প্ৰশ্নই আছে ক’ৰ’ণা ভাইৰাছক লৈ। ইয়াৰ মাজতে এক গৱেষণাত সন্মুখলৈ আহিছে এক ভয়ানক তথ্য:
১) কৰোনা-প্ৰদূষণ সম্পৰ্ক:
গৱেষণাই কৈছে, যি চাৰিখন দেশত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা বেছি, তাত প্ৰায় ৮০ শতাংশ মৃত্যু হৈছে অপেক্ষাকৃতভাৱে বেছি বায়ু প্ৰদূষণপূৰ্ণ এলেকাত। আৰু ইয়াৰ পৰাই আৰম্ভ হয় এক নতুন গৱেষণা। তেনেহ’লে কি ক’ৰ’ণা ভাইৰাছ দূষিত কণাৰ মাধ্যমেৰে বহুদূৰ যাব পাৰে?
২) বায়ু প্ৰদূষণ কৰোনাত মৃত্যুৰ এটা মূল কাৰণ :
ইটালী, স্পেইন, ফ্ৰান্স আৰু জাৰ্মানীৰ প্ৰশাসনিক ৬৩টা অঞ্চলৰ ভিতৰত মাত্ৰ ৫টা অঞ্চলত ক’ৰ’ণা ভাইৰাছত মৃত্যুৰ হাৰ বেছি। সেইসমূহ তুলনামূলকভাৱে সকলোতকৈ প্ৰদূষিত অঞ্চল। ফলত গৱেষকসকলৰ দাবী- বায়ু প্ৰদূষণ কৰোনাত মৃত্যুৰ এটি মূল কাৰণ হ’ব পাৰে। কিন্তু কেনেদৰে?
৩) প্ৰদূষিত বায়ুৰ দূষিত কণাত কৰোনাৰ বীজাণু :
এই গৱেষণা আৰম্ভ কৰিছিল ইটালীৰ বহু কেইজন গৱেষকে। তেওঁলোকে গৱেষণা কৰি দেখিবলৈ পায়, প্ৰদূষিত বায়ুৰ দূষিত কণাৰ ওপৰত নিৰ্ভৰ কৰি বহুদূৰ পৰ্যন্ত যাব পাৰে ভাইৰাছ। বিজ্ঞানীসকলে প্ৰত্যক্ষ কৰে, বেছিভাগ প্ৰদূষিত এলেকাত ক’ৰ’ণা সংক্ৰমণৰ পৰিমাণ বেছি। আৰু দুটা গৱেষণাত দাবী কৰা হৈছে, প্ৰদূষিত বায়ুৰ দূষিত কণাৰ বাবে ক’ৰ’ণা ভাইৰাছ বিয়পিব পাৰে। অৰ্থাৎ আপুনি নিজৰ ঘৰৰ ছাদত বা বাৰাণ্ডাত থাকিলেও সেই দূষিত কণা যদি আপোনাৰ মাজেৰে যায়, তেতিয়াহ’লে লকডাউন মানা সত্বেও আপোনাৰ ক’ৰ’ণা হ’ব পাৰে।
৪) নতুন গৱেষণাত চিন্তিত বিভিন্ন মহল :
পূর্বে দেখা গৈছিল, আক্ৰান্তৰ শৰীৰৰ পৰা ১৩ ফুট পৰ্যন্ত দূৰৈত ক’ৰ’ণা ৰ উপস্থিতি পোৱা গৈছে। তাকে লৈ যথেষ্ট চিন্তাত পৰিছিল বিজ্ঞানীসকল। এইবাৰ দেখা গ’ল প্ৰদূষিত বায়ুৰ দ্বাৰাও বহু দূৰ বৈ যাব পাৰে ক’ৰ’ণা ভাইৰাছ। দূষিত কণাৰ পৰা ক’ৰ’ণা ভাইৰাছ সংক্ৰমিত হ’ব পাৰেনে নোৱাৰে, সেয়া এতিয়া পৰীক্ষা কৰি চোৱাৰ সময় আহি পৰিছে।
৫) অনুঘটক : নাইট্ৰজেন-ডাই-অক্সাইড :
দূষিত কণাত ক’ৰ’ণা থকাৰ উপৰি আৰু এটি বিপদ সন্মুখলৈ আহিছে। ইয়াৰ পূৰ্বেও অনেক গৱেষণাত দেখা গৈছে যে স্বাস্থ্য ৰিস্ক, বিশেষকৈ হাওঁফাওৰ ৰোগৰ আঁৰত নাইট্ৰজেন-ডাই-অক্সাইডৰ গভীৰ সম্পৰ্ক আছে। ফলত যি অঞ্চলৰ বায়ু প্ৰদূষিত সেই অঞ্চলত কোনো লোক ক’ৰ’ণা ত আক্ৰান্ত হ’লে তেওঁৰ মৃত্যুৰ ৰিস্ক বেছি থাকে।













