ASSAM TIMES POST
ডিফু :
ক’ভিড19 ৰ বাবে দেশজুৰি অব্যাহত থকা দীৰ্ঘ লকডাউনত অস্বস্থিত পৰি নিজৰ ভৰিৰ ওপৰতে ভৰসা কৰি বাটকুৰি বাই খোজ কাঢ়িয়েই ঘৰমুৱা হৈছে একাংশ শ্ৰমিক ৷ কাৰবি আংলঙৰ সীমান্তৱৰ্তী নাগালেণ্ডৰ ডিমাপুৰত দিন হাজিৰা কৰি জিৱীকা নিৰ্বাহ কৰা শ্ৰমিক সকল ভোক, পিয়াহ আৰু অনাহাৰে থাকি ডিমাপুৰ – ডিফু ৰেল লাইনেৰে পদপথে ডিফুত উপস্থিত হোৱা ৫০ ৰো অধিক শ্ৰমিকক এনেদৰে আহি থকা দেখি শণিবাৰে সন্ধিয়া ডিফু ছৰছৰি ৰেলপথত স্থানীয় ছৰছৰি গাওঁৰক্ষী বাহিনীয়ে শ্ৰমিক সকলক উদ্ধাৰ কৰি আৰক্ষী আৰু মেডিকেলক অৱগত কৰে ৷
ঘটনা স্থলীত মেডিকেল আৰু আৰক্ষীৰ লোক উপস্থিত হৈ শ্ৰমিক সকলক ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত লৈ যায় ৷ ইয়াৰে বিহাৰৰ শ্ৰমিক সকলক আন্তঃজিলা গমণৰ ব্যৱস্থা নথকাৰ বাবে কাৰবি আংলং জিলা প্ৰশাসনৰ তত্বাৱধনাত ৰখাৰ বিপৰিতে হোজাই, ধুবুৰী আৰু বৈঠালাংচৰ লোক সকলক ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে ৷













