ASSAM TIMES POST
গুৱাহাটী: ৰাজস্থানৰ কোটাৰ পৰা অহা ছাত্ৰ ছাত্ৰী দলটো পুৱতি নিশা তিনি বজাত গুৱাহাটীৰ সৰুসজাই পালেহি।৩৯১জনীয়া ছাত্ৰ-ছাত্ৰীৰ দলটো সৰুসজাইত উপস্থিত হোৱাৰ পিছত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ-ছাত্ৰীৰ সকলক আদৰণি জনাই।
https://www.facebook.com/himantabiswasarma/videos/235710577508616/
লগত উপস্থিত থাকে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকা। উল্লেখ যে যোৱা শুকুৰবাৰে পুৱা ৰাজস্থানৰ পৰা ছাত্ৰ-ছাত্ৰীৰ দলটোৰ ৰাওনা হৈছিল।দলটোক নেতৃত্ব দিছিল অসম আৰক্ষীৰ ৮জনকৈ বিষয়াই।তাপৰ্য পূৰ্ণ কথা এই যে ছাত্ৰ-ছাত্ৰী দলটোক ১৪দিনৰ কোৱাৰেণ্টাইন কৰাৰ পিছত দিয়া হব ঘৰলৈ যাবলৈ।


উল্লেখ কথা এই যে সৰুসজাই বিশেষ কোৱাৰেণ্টাইন শিবিৰত ছাত্ৰ সকলক ৰখাৰ বিপৰীতে ছাত্ৰী সকলক কাষৰ তিনিখন কৈ হোটেলত ৰখাৰ হৈছে। ইফালে ছাত্ৰ-ছাত্ৰী সকলক পৰিয়ালৰ কোনো ব্যক্তিয়ে কোৱাৰেণ্টাইন চেণ্টাৰত সাক্ষাৎত কৰিব নোৱাৰিব।
পৰিয়ালৰ সৈতে একমাত্ৰ ফোনৰ জৰিয়তে পাতিব পৰিব কথা। ছাত্ৰ-ছাত্ৰীৰ সকল উপস্থিত হোৱাৰ পিছতে কৰা হয় প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ।পাঁচদিনৰ দিনা তেওঁলোকৰ চেম্পুল টেষ্ট কৰা হ’ব।এই কথা প্ৰকাশ কৰিছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।













