ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউনৰ মাজতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক ভাল খবৰ।লকডাউন খোলৰ পিছতে ঘোষণা হ’ব ঘোষণা হ’ব বহু প্ৰত্যাশিত মেট্ৰিকৰ ফলাফল।এই কথা প্ৰকাশ কৰিছে ছেৱাৰ কতিপক্ষই।
বামুনিমৈদাম স্থিত ছেৱাৰ কাৰ্যালয়ৰ পৰা লাভ কৰা খবৰ অনুসৰি লকডাউনৰ মাজতে সম্পূৰ্ন হৈছে পৰীক্ষাথী সকলৰ উত্তৰবহী মূল্যাংকনৰ কাম।বিভিন্ন জিলাৰ পৰা মূল্যাংকনৰ বহী সমূহ ইতিমধ্যে লৈ অহা হৈছে ছেৱা কাৰ্যালয়লৈ।
সোমবাৰে দুখনকৈ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আৰু উইংগাৰত মাঘেৰিটা, হাইলাকান্দি আৰু তিনিচুকীয়াৰ পৰা অনা হয় বহীসমূহ।ইফালে ছেবা চেয়াৰমেন আৰ চি জৈনে ৰিজাল্ট সন্দৰ্ভত কয় “ইতিমধ্যে মেট্ৰিকৰ ফলাফল ঘোষণাৰ প্ৰস্তুতি চলি আছে।
লকডাউন শেষ হোৱাৰ লগে লগে আমি ফলাফল ঘোষণা কৰা চেষ্টা চলাইছোঁ”।লগতে তেওঁ কয় “বিভিন্ন জিলাত বহী সমূহ পৰীক্ষাৰ কৰা কাম সম্পূৰ্ন হৈছে।পৰ্যায়ক্ৰমে মুখ্য কাৰ্যালয়লৈ বহী সমূহ লৈ অহা হৈছে।প্ৰতিখন জিলাৰ বহীসমূহ পৃথকে পৃথকে আনি অন্যান্য কাম সমুহ কৰি থকা হৈছে।
বৰ্তমান বহীৰ কাম সম্পূৰ্ন হৈছে যদিও অনলাইনৰ কাম কিছু বাকী আছে।ইফালে লকডাউনৰ ওপৰতে ফলাফল ঘোষণাৰ নিৰ্ভৰ কৰিছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় “লকডাউনৰ ওপৰত ভিত্তি কৰি মে’ বা জুনৰ ভিতৰতে ঘোষণা হব ফলাফল”।













