ASSAM TIMES POST
উৎপল দাস
গোলাঘাটঃ পিতৃ-মাতৃ হাৰা মাত্ৰ ১২ বছৰীয়া এগৰাকী দুৰ্ভগীয়া কিশোৰীৰ জীৱন সংগ্ৰামে চকু সেমেকাই তুলিছে পথৰুৱাৰ ৷ কিশোৰীগৰাকীয়ে নিজ পৰিয়ালৰ বাবে এসাঁজৰ যোগান ধৰিবলৈ লকডাউন চলি থকা অৱস্থাতো ফুটপাথত বহি তামোল-পাণ বিক্ৰী কৰিব লগা হৈছে। সমগ্ৰ বিশ্বতে ক’ৰ’ণা ভাইৰাছৰ ভয়াৱহতাক উপলব্ধি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা দেশজুৰি দ্বিতীয় পৰ্যায়ৰ লকডাউন চলি থকা সময়ছোৱাত দিন হাজিৰা কৰি জীৱিকা অৰ্জন কৰা ৰাইজৰ মাজত তীব্র খাদ্য সংকটে দেখা দিছে।
এফালে অতিমাৰী ক’ৰ’ণা ভাইৰাছৰ আতংক আনফালে খাদ্য সংকটত পৰি দৰিদ্ৰজনৰ হাহাকাৰ অৱস্থা। এনে এক পৰিস্থিতিৰ মাজতে সোমবাৰে গোলাঘাটৰ ৫নং ৱাৰ্ডৰ শ্ৰীমন্ত নগৰ অঞ্চলত বসবাস কৰা এটি দৰিদ্ৰ পৰিয়ালৰ অনামিকা দে নামৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে পৰিয়ালৰ বাবে পদপথত বিক্ৰী কৰিছে পাণ-তামোল৷ কিশোৰীগৰাকীৰ পৰিয়ালত আছে এগৰাকী বৃদ্ধ আইতাক আৰু এজন ককায়েক ৷
জানিব পৰা মতে, লকডাউন চলি থকা কাৰণে বৰ্তমান তাই দিনৰ ভাগত পাণ-তামোল আদি বিক্ৰী কৰি দৈনিক উপার্জনৰে নিজৰ লগতে পৰিয়ালখনকো পোহপাল দি আহিছে। কিশোৰীয়ে জানিবলৈ দিয়া মতে লকডাউন চলি থকা সময়ত মাত্ৰ এবাৰ হে প্ৰশাসনে খাদ্য সামগ্ৰী যোগান ধৰে৷ তাৰ পিছত এনে তামোল পান আদি বিক্ৰী কৰা উপাৰ্জনেৰে এই দৰিদ্ৰ পৰিয়ালটো জীৱন-নিৰ্বাহ কৰিবলগীয়া হৈছে।













