ASSAM TIMES POST
নিউজ ডেস্ক :
অৱশেষত বিটিচিত প্ৰৱৰ্তন কৰা হ’ল ৰাজ্যপালৰ শাসন। আজি ৰাজ্যপালে ভংগ কৰে বিটিচি। ইয়াৰ লগে লগে অন্ত পৰিল হাগ্ৰামাৰ শাসনকাল। উল্লেখযোগ্য যে ২৭ এপ্ৰিলত অন্ত পৰিছে বিটিচিৰ পৰিষদৰ কার্যকাল। ৰাজ্য চৰকাৰে ৰাজ্যপালক অনুৰোধ জনাইছিল পৰিষদৰ কার্যকাল বৃদ্ধিৰ বাবে। কিন্তু ৰাজ্যপালে নাকচ কৰে এই প্ৰস্তাৱ।
উল্লেখযোগ্য যে, কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত স্থগিত ৰখা হৈছিল বিটিচিৰ নিৰ্বাচন। এতিয়া অনিৰ্দিষ্ট কালৰ বাবে বলৱত থাকিব ৰাজ্যপালৰ শাসন। বিটিচিত নিযুক্তি দিয়া হৈছে নতুন সচিব। IAS ৰাজেশ প্ৰসাদক দিয়া হৈছে প্ৰশাসকৰ দায়িত্ব।













