ASSAM TIMES POST
নিউজ ডেস্ক:
শুল্ক বিভাগৰ৩ উচ্চ পদস্থ বিষয়াক শ্বক’জ কৰিলে বিত্ত মন্ত্ৰালয়ে। এওঁলোক তিনিজনৰ বিৰুদ্ধে চার্জছিটো দাখিল কৰা হৈছে।
জানিব পৰা মতে, এই বিষয়া কেইজনে কৰ বৃদ্ধিক লৈ এক ৰিপোৰ্ট তৈয়াৰ কৰি ৰাজহুৱা কৰিছিল। ইয়াৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ।
প্ৰশান্ত ভূষণ, প্ৰকাশ ডুবে আৰু সঞ্জয় বাহাদুৰ নামৰ এই তিনিজন বিষয়া সমগ্ৰ কৰ্মকাণ্ডত জড়িত থকা বুলি জানিব পৰা গৈছে। বৰ্তমান দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে তিনিওকে। আনহাতে, নিয়ম বিৰুদ্ধ কাম কৰাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে চার্জছিট তৈয়াৰ কৰা হৈছে।
উল্লেখযোগ্য যে এই বিষয়া তিনিজনে দিয়া এক প্ৰস্তাৱত উল্লেখ আছিল যে কৰোনাৰ বাবে ৰাজহ খণ্ডত যথেষ্ট ঘাটি হৈছে। সেই ঘাটি পূৰণৰ বাবে পৰৱৰ্তী পৰ্যায়ত ধনীসকলৰ আয়ৰ ওপৰত ৪০ শতাংশ কৰ আৰোপ, মহামাৰী চেচ ধাৰ্য কৰা, বিদেশী সংস্থাসমূহৰ ওপৰত আৰু অধিক কৰ্পৰেট কৰ আৰোপ আদি পৰামৰ্শবোৰ আছিল উক্ত প্ৰস্তাৱত।
তেওঁলোকে উল্লেখ কৰিছিল ১ কোটি বাৰ্ষিক আয়ৰ ক্ষেত্ৰত ৩০-৪০ শতাংশ কৰ আৰোপ, ৫ কোটিৰ ওপৰত সম্পত্তি কৰ আৰু ১০ লাখ টকাৰ ওপৰৰ বাৰ্ষিক আয়ৰ ক্ষেত্ৰত ৪ শতাংশ কৰ আৰোপৰ কথা।













