ASSAM TIMES POST
নিউজ ডেস্ক:
উত্তৰ প্ৰদেশৰ বুলণ্ডচহৰৰ অনুপচহৰ কোটৱালী অঞ্চলত দুজন সাধুক হত্যা কৰে দুষ্ক্ৰিতিকাৰীয়ে। মন্দিৰ পৰিসৰৰ ভিতৰত এই দুই সাধুক তীক্ষ্ণ অস্ত্ৰৰে ঘপিয়াই হত্যা কৰা হয়। অৱশ্যে অভিযুক্তক ধৰি আৰক্ষীক গতাই দিয়ে স্থানীয় লোকে। জানিব পৰা মতে অভিযুক্ত নিচাসক্ত অৱস্থাত আছিল।
উল্লেখযোগ্য যে সোমবাৰে নিশাৰ ভাগত সংঘটিত এই ঘটনা পোহৰলৈ আহে আজি পুৱাহে। মঙ্গলবাৰে পুৱা যেতিয়া গাঁওবাসী মন্দিৰ চৌহদত প্ৰৱেশ কৰে তেতিয়া দুজন সাধুৰ ৰক্তাক্ত দেহ প্ৰত্যক্ষ কৰে। ঘটনাৰ পিছতে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ।
ঘটনাৰ খবৰ পোৱা মাত্ৰকে আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। উল্লেখযোগ্য যে দুয়োগৰাকী সাধুৱেই এটা শিৱমন্দিৰ চোৱাচিতাত জড়িত আছিল বুলি জানিব পৰা গৈছে। ঘটনাক লৈ এতিয়া পুনৰ এবাৰ উত্তাল হৈ পৰিছে সমগ্ৰ দেশ।













