ASSAM TIMES POST
নিউজ ডেস্ক:
অসমত বৃদ্ধি পাইছে আৰু এজন কৰোনা ৰোগী। ইয়াকে লৈ ৰাজ্যখনত কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৬জনলৈ বৃদ্ধি পালে। অৱশ্যে বৰ্তমানলৈ ৰাজ্যত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হ’ল ৮ জন । এই কথা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আজি দুপৰীয়া এক টুইটযোগে স্বাস্থ্য মন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, অসমত কৰোনাত আক্ৰান্ত নতুন ৰোগীগৰাকী হৈছে বঙাইগাঁও জিলাৰ শালমাৰাৰ। ১৬ বছৰীয়া কৰোনাত আক্ৰান্ত যুৱতীগৰাকীৰ আছিল নিজামুদ্দিনৰ মাৰকাজত উপস্থিত থকা জামাতিৰ সৈতে পৰোক্ষ সম্পর্ক।













