ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰ’ণা সংক্ৰমণ ৰোধিবৰ বাবে নতুন পন্থা অৱলম্বন কৰিছে তামিলনাডু চৰকাৰে৷ প্ৰতিবেশী ৰাজ্য অন্ধ্ৰপ্ৰদেশৰ পৰা যাতে সেই ৰাজ্যখনলৈ গাড়ী যাব নোৱাৰে তাৰ বাবে একাধিক পথত দেৱাল নিৰ্মাণ কৰি দিছে তামিলনাডু চৰকাৰে৷ গাড়ী চলাচলৰ বাবে কেৱল মাত্ৰ দুটা পথ খুলা ৰখা হৈছে৷ সাত ফুটৰ দেৱাল নিৰ্মাণ কৰা হৈছে অন্ধ্রপ্রদেশ আৰু তামিলনাড়ুৰ মাজত সংযোগকাৰী একাধিক পথত৷
অন্ধ্রপ্রদেশৰ পৰা তামিলনাডুত গাড়ী সোমোৱাত নিষিদ্ধ কৰিবৰ বাবেই এই পদক্ষেপ লোৱা হৈছে৷ আনকি তামিলনাডুৰ পৰা কোনো গাড়ী অন্ধ্রপ্রদেশলৈ নাযায় তাৰ বাবেও এই ব্যৱস্থা কৰা হৈছে৷ অৱশ্যে ৰাজ্য দুখনলৈ যাতায়াতৰ বাবে দুটা পথ খোলি ৰখা হৈছে৷ ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ যাতে বাঢ়ি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা লোৱা হৈছে৷













