ASSAM TIMES POST
নিউজ ডেস্ক:
প্ৰতিষেধকৰ উল্লেখনীয় প্ৰতিষ্ঠান ছিৰাম ইনষ্টিটিউটত অব ইণ্ডিয়াই অক্সফৰ্ড বিশ্ববিদ্যালয়ে উন্নিত ঘটোৱা ক’ভিড-১৯ৰ ভেকছিন অহা দুই বা তিনি সপ্তাহৰ ভিতৰত উৎপাদন আৰম্ভ কৰিব৷ মানৱ দেহাত পৰীক্ষামূলকভাৱে সফল হোৱাৰ পাছত অহা অক্টোবৰত বজাৰত এই ভেকছিন উপলব্ধ হ’ব৷ উল্লেখ্য যে পুনেৰ এই কোম্পানীটোৱে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ সৈতে যৌথভাৱে কাম কৰে৷ আমাৰ দলে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ডাঃ হিলৰ সৈতে আন্তৰিকতাৰে কাম কৰে৷ আমি আশা কৰো এই ভেকছিন অহা ২-৩ সপ্তাহৰ ভিতৰত উৎপাদন কৰিম৷ প্ৰথম ছমাহত প্ৰতি মাহে ৫ মিলিয়ন ড’জ উৎপাদন কৰা হ’ব৷
তাৰ পাছত ইয়াক ১০ মিলিয়ন কৰা হ’ব৷ ছিৰাম ইনষ্টিটিউটতৰ মুখ্য কাৰ্যবাহী বিষয়া অধৰ পুনাৱালে এইদৰে কয়৷ ইয়াৰ লগতে তেওঁ আশা কৰে যে এই ভেকছিন অহা ছেপ্টেম্বৰ-অক্টোবৰ মাহত বজাৰত উপলব্ধ হ’ব৷ আনহাতে বায়’কনৰ অন্যতম প্ৰতিষ্ঠাতা আৰু পৰিচালন সঞ্চালক কিৰণ মজুমদাৰ শ্বয়ে কয়, অহা এবছৰৰ ভিতৰত ভাৰতৰ বজাৰত ক’ৰ’ণা ভাইৰাছৰ ভেকছিন আহি যাব৷ দুই-তিনিটা সংস্থাই এই ভেকছিন প্ৰস্তুত কৰিবলৈ কাম কৰি আছে৷ ডাঙৰ কোম্পানীবোৰে একেলগ হৈ কাম কৰিছে৷













