ASSAM TIMES POST
মহাৰাষ্ট্ৰৰ ডেংগানমল নামৰ গাঁওখনত প্ৰায় ৫০০ মান পৰিয়ালে বাস কৰে। সেই গাঁৱখনত পানীৰ অভাৱৰ বাবে প্ৰায় বহু দূৰৰ পৰা পানী আনিব লগা হয়। তাতেও দুটা মাত্ৰ পানীৰ কুঁৱা আছে। য’ত পানীৰ বাবে শাৰী পাতিব লগা হয়। সেয়েহে কোনো মহিলাই পানী আনিবলৈ গ’লে ঘৰখনত বাকী ঘৰুৱা কাম কৰিবলৈ মহিলাৰ অভাৱ হয়। সেয়েহে সেই গাঁৱখনত পুৰুষসকলে বহু বিবাহ কৰাই।













