ASSAM TIMES POST
লকডাউনত ফলত গুৱাহাটীত এতিয়াও আৱদ্ধ হৈ আছে ৰাজ্য বিভিন্ন জিলা শতাধিক শ্ৰমিক। দিশহাৰা শ্ৰমিকসকলে দিশ হেৰুৱাই উলুবাৰীত অৰ্ধ শতাধিক শ্ৰমিকৰ ভিৰ। প্ৰায় অৰ্ধ শতাধিক সংখ্যক শ্ৰমিকে খোজ কাঢ়ি আহি উপস্থিত হয় উলুবাৰীত।

ইফালে, শ্ৰমিকসকলৰ ব্যাপক সমাগম দেখি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ। সমগ্ৰ পৰিস্থিতি আৰক্ষীয়ে বুজ লয়।
তাত্পৰ্য পূৰ্ণ কথা এই যে শ্ৰমিকসকলক যোৱাৰ বাবে দিছপুৰ ৰাজধানী মছজিদত গাড়ী ব্যৱস্থা কৰিছিল মালিকে। গাড়ী ওচৰলৈ যোৱাক লৈ ভুল বুজা বুজি হয় আৰু পল্টন বজাৰলৈ বুলি গুচি আহে শ্ৰমিকসকল।পিছত আৰক্ষীয়ে ঠিকাদাৰৰ সৈতে যোগাযোগ কৰে আৰু নিৰ্দিষ্ট স্থানত ৰৈ থকা বাছলৈ আৰক্ষীৰ বাছত লৈ যোৱা ব্যৱস্থা কৰা হয়৷













