ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
দেশত অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ লক-ডাউন। শতিকাটোৰ এই পৰ্যন্ত সৰ্বত্ৰাসী গোলকীয় বিপদ হিচাপে স্বীকৃত কৰ’ণা ভাইৰাচৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চলোৱা অভিযানৰ প্ৰতি সঁহাৰি দি আজি বোকাখাতলৈ আহিল ৰাজ্যিক শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ।
‘শ্ৰম বিভাগৰ পঞ্জীয়ণ থকা সকলো শ্ৰমিকে নিজা বেংক একাউণ্টৰ জৰিয়তে ১ হাজাৰ টকাকৈ সাহায্য পাবলৈ সক্ষম হৈছে’ বোকাখাতত আজি ৰাজ্যিক শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে বোকাখাত চাহ বাগিছাৰ শ্ৰমিক আৰু সাংবাদিক সকলৰ আগত এনেদৰে কয়। মন্ত্ৰী গৰাকীয়ে আজি কৰ’ণা প্ৰতিৰোধৰ সজাগতাৰ বাবে বাগিছাখনৰ শ্ৰমিকৰ মাজত মাস্ক আৰু চাবোন বিতৰণ কৰে।
বাগিছাৰ শ্ৰমিক সকলক কৰ’ণা সংক্ৰমণৰ পৰা দূৰ হৈ থাকিবলৈ মন্ত্ৰীজনে শ্ৰমিক সকলক সামাজিক আৰু শাৰিৰীক দূৰত্ব বজাই ৰাখি কাম কৰিবলৈ আহ্বান জনায়। সম্প্ৰতি ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বোকাখাততো নিজা নিজা একাউণ্টৰ পৰা ধনৰাশি নিবলৈ আহি বেংক আৰু এ টি এম সমূহত শ্ৰমিকে সামাজিক আৰু শাৰীৰিক দূৰত্ব বিঘ্নিত কৰি অধিক ভীৰ কৰা বিষয়টোত উদ্বেগ প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে শ্ৰমিক সকলক তেওঁলোকৰ গৃহলৈ গৈ ধন দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৷
লগতে শ্ৰমিকসকলক নিৰ্ভয় প্ৰদান কৰি শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে সাংবাদিকৰ আগত কয় যে চাহ শ্ৰমিকৰ লগতে শ্ৰম বিভাগৰ পঞ্জীয়ণ থকা আৰু নিজা বেংক একাউণ্ট থকা সকলো বনুৱা শ্ৰমিকে ১ হাজাৰ টকাকৈ সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে ৷
লগতে মন্ত্ৰী গৰাকীয়ে বেংকত নিজা একাউণ্ট নথকা শ্ৰমিক সকলৰ বাবে শ্ৰম বিভাগে বিশেষ পদক্ষেপ লোৱাৰ কথাও সদৰি কৰি এই কৰ’ণা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে সাংবাদিক সকলে সজাগতাৰ বাবে পালন কৰা গুৰুদায়িত্বৰ বাবে শ্ৰম মন্ত্ৰী গৰাকীয়ে স্থানীয় সাংবাদিক সকলক ধন্যবাদ জ্ঞাপন কৰে।
ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে আজি উপস্থিত সাংবাদিক সকলক হাতেৰে নিৰ্মিত মাস্ক বিতৰণ কৰে। আটছাৰ গোলাঘাট জিলাৰ সম্পাদক কুমুদ কালিন্দীয়ে আজি বোকাখাত বাগিছাত উপস্থিত হৈ ৰাজ্যিক শ্ৰম মন্ত্ৰী সঞ্জয় কিষানক সাক্ষাৎ কৰি বোকাখাতৰ চাহ শ্ৰমিক সকলৰ বিভিন্ন অভাৱ অভিযোগ আৰু অসুবিধা সমূহৰ বিষয়ে মন্ত্ৰী গৰাকীক অবগত কৰি সমস্যা সমূহৰ সমাধানৰ বাবে অনুৰোধ জনায়।
স্থানীয় সাংবাদিক সকলৰ লগতে ৰাজ্যিক মন্ত্ৰী গৰাকীৰ সৈতে এই কাৰ্যসূচীত আজি উপস্থিত আছিল ক্ৰমে সমাজকৰ্মী আকাশ ফুকন, অসম চাহ কোষৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ভাস্কৰ কালিন্দী, বোকাখাত বাগিছাৰ প্ৰৱন্ধক অখিল বৰ্মন আৰু বাগিছাখনৰ শ্ৰমিকসকল।













