ASSAM TIMES POST
বোকাখাত: মাহেকীয়া বেতন নােপােৱাৰ সন্দর্ভত আজি গােলাঘাট জিলাৰ আধাৰ কেন্দ্ৰত যােৱা ২০১৮ চনৰ অক্টোবৰ মাহৰ পৰা কৰ্মত নিয়ােজিত হৈ থকা চুপাৰভাইজাৰ সকলে বোকাখাত মহকুমাৰ ৰাজহ চক্ৰ বিষয়াক এক স্মাৰক পত্ৰ প্ৰদান কৰে।
চুপাৰভাইজাৰ সকলে বিগত ২০১৮ চনৰ ডিচেম্বৰ মাহৰ পৰাই পোৱা নাই মাহেকীয়া। বেতন নােপােৱাৰ বাবে দৈনন্দিন জীৱন-যাপনত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা আৰু বিশেষকৈ এতিয়া তলাবন্ধৰ সময়ছােৱাত এই চুপাৰভাইজাৰ সকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈ পৰিছে।
যিটো সময়ত কেন্দ্রীয় চৰকাৰ হওঁক বা অসম চৰকাৰে সকলাে দৰিদ্ৰজনক সহায়ৰ হাত আগবঢ়াইছে, সেই একেই সময়ত এই চুপাৰভাইজাৰ সকলে দুবেলা দু-সাজ খাবলৈ নােপােৱাকৈ থাকিবলগা হৈছে । আবেদন খনত আৰু উল্লেখ আছে যে উক্ত সময়ছােৱাত মার্চ ২০১৯ ৰ পৰা ছেপ্তেম্বৰ ২০১৯ পৰ্যন্ত NRC Biometric ৰ কামতাে তেখেত সকল নিয়ােজিত হৈ আছিল।
লগতে জানিবলৈ দিয়ে যে, বেতন নােপােৱাৰ বিষয়টো গােলাঘাট জিলাৰ উপায়ুক্তক কেইবাবাৰাে সাক্ষাৎ কৰি লিখিত আবেদন দিয়াৰ পাছতাে কোনাে ধৰণৰ সুফল নাপালে এই চুপাৰভাইজাৰ সকলে ।
অৱশেষত উপায়হীন হৈ উক্ত বিষয়টোৰ ওপৰত এটি বিহিত ব্যৱস্থা কৰি তেখেত সকলৰ প্রাপ্য বেতন সমূহ আদায় দিয়াৰ লগতে মাহেকীয়া বেতন নিয়মীয়াকৈ দিয়াৰ ব্যৱস্থা কৰি দিবলৈ আজি বোকাখাতৰ ৰজহ চক্ৰ বিষয়াক এই আবেদন প্ৰদান কৰে।













