ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
অসমীয়া মানুহৰ আমিষ খাদ্যৰ সৰ্বাধিক পছন্দ মাছ আৰু মাছ মৰা অসমৰ গ্ৰাম্য জীৱনৰ চিৰপৰিচিত এক ডুখৰীয়া ছবি। তথাপি বছৰটোৰ বিশেষ সময়ত চৰকাৰীভাৱে ইয়াত মাছ মৰা নিষিদ্ধ। কিয়নো বাৰিষাৰ এই সময়চোৱাত সকলো মাছৰ কণী পৰাৰ সময়। পুখুৰী, খাল, বিল আদিত থলুৱা মাছে কণী এৰে আৰু কিছুমান মাছে বোঁৱতী পাণীৰ সোঁতত কণী এৰে।
বোকাখাত মহকুমাৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহত বৰ্তমান প্ৰায়বোৰ মাছৰ কণী পৰা স্থান। এনে সময়তে ৰাজ্যখনৰ লগতে বোকাখাতৰ ঘাট সমূহতো মহামাৰী কভিদ-১৯ৰ বাবে মাছ ধৰা আৰু ক্ৰয়-বিক্ৰয় সম্পূৰ্ণ বন্ধ কৰি থোৱা আছে। আনহাতে চৰকাৰী নিষেধাজ্ঞ্যা অনুসৰি প্ৰতি বছৰে এপ্ৰিল মাহৰ ১ তাৰিখৰ পৰা জুলাই মাহৰ ১৫ তাৰিখ পৰ্যন্ত মাছ ধৰা নিষেধ।
এই সময়চোৱাত কণী যুক্ত মাছ অবাধে ধৰি এচাম অসাধু মাছমৰীয়াই চোৰাং ভাবে জিলাখনৰ লগতে আন জিলালৈ সৰবৰাহ কৰাৰ বাতৰি পোৱা গৈছে। কুৰুৱাবাহী অঞ্চলত ধনশিৰি নৈৰ পৰা প্ৰকাণ্ড প্ৰকাণ্ড ৰৌ, বাহু, ভেউ,চিতল, আঁৰি, পিঠিয়া আদি মাছ নিতৌ ধৰাৰ কথা পোহৰলৈ আহিছে।
আনহাতে ধনশিৰি নদীত কণী পাৰিবলৈ অহা চিতল মাছৰ খলি অসাধু মাছমৰীয়াই চিনাক্ত কৰি কণীযুক্ত মাছ নহ’লে কণী সমূহ ৰখি থকা মাতৃ চিতল মাছ ধৰি চোৰাং ভাবে বিক্ৰী কৰাৰ অভিযোগ কৰিছে একাংশ স্থানীয় ৰাইজে।
আনহাতে এপ্ৰিল মাহ শেষ হোৱা সময় হোৱালৈকে মীন বিভাগৰ পৰা কোনো জাননী ফলক ঘাট সমূহত পৰিলক্ষিত হোৱা নাই। বোকাখাত আৰু নুমলীগড় শোধনাগাৰ অঞ্চলৰ পৰা বহু লোকে ধনশিৰি নদীত হুইল বৰশী বাই মাছ মৰাৰ খবৰো বৰ্তমান অভিযোগ আকাৰে প্ৰকাশ পাইছে। সচেতন ৰাইজে প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰিছে।













