ASSAM TIMES POST
অজন্তা তালুকদাৰ
বোকাখাত : সম্প্ৰতি বিশ্বক আতংকিত কৰি ৰাখিছে ক’ভিড-১৯ এ। এই ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ দেশত চলি আছে দ্বিতীয় পৰ্যায়ৰ লক-ডাউন। ৰাজ্যখনৰ প্ৰশাসন, স্বাস্থ্য বিভাগ, আৰক্ষী প্ৰশাসনৰ লগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সংবাদকৰ্মী সকলেও নিজৰ জীৱন বিপদাপন্ন কৰি ফ্ৰণ্ট লাইন ফাইটাৰৰ ভূমিকা পালন কৰি আছে এই দুৰ্দিনত।
সেয়েহে অসম যুৱ মৰ্চাৰ কাৰ্যকৰী সদস্য তথা বোকাখাতৰ সমাজকৰ্মী আকাশ ফুকন আগবাঢ়ি আহিছে বোকাখাতৰ সংবাদকৰ্মীসকললৈ এষাৰি কৃতজ্ঞতা আৰু উদ্দীপনাৰ মাত লগাবলৈ।
কৰ’ণাতংকৰ সময়তে দুৰ্গত অলেখজনক বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াই অহা আকাশ ফুকনে এই উদ্দেশ্যে আজি বোকাখাত পৰিদৰ্শন বঙলা প্ৰাংগনত স্থানীয় সংবাদকৰ্মীসকলক লগ ধৰি প্ৰতিগৰাকী সংবাদকৰ্মীকে একোখনি ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায় আৰু একোটিকৈ মাস্ক প্ৰদান কৰে।
সংবাদকৰ্মী সকলক উদ্দেশ্যি দিয়া উদ্দীপনামূলক বক্তব্যত সমাজকৰ্মীগৰাকীয়ে সাম্প্ৰতিক সময়ত সংবাদকৰ্মীসকলে বাতৰি সংগ্ৰহ তথা সজাগতাৰ বাবে নিজৰ জীৱন বিপদাপন্ন কৰি ওলাই অহাৰ বাবে সংবাদকৰ্মী সকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে।
বৰ্তমান লকডাউনৰ বাবে শ্ৰমহীন হৈ পৰা শ্ৰমিক জনতাৰ দুৰ্দশা দূৰ কৰিবলৈ আৰ্তসময়ত আগবাঢ়ি অহা সচেতন ৰাইজলৈকো সংবাদকৰ্মীসকলৰ জড়িয়তে ধন্যবাদ জ্ঞাপন কৰে। লগতে এই কৰ’ণাতংকৰ সময়ত লক-ডাউনৰ বাবে দুৰ্দশাগ্ৰস্ত হৈ থকা লোকৰ খবৰ সমাজলৈ উলিয়াই আনিবলৈকো সংবাদকৰ্মীসকললৈ অনুৰোধ জনায় যাতে তেওঁবিলাকলৈ বিভিন্নজনে উচিত সময়ত সহায়ৰ হাত আগবঢ়াব পাৰে।

আজি সংবাদকৰ্মীসকলৰ মাজত উপস্থিত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই সমাজকৰ্মী আকাশ ফুকনলৈ ধন্যবাদসূচক বক্তব্য আগবঢ়োৱাৰ লগতে সমাজকৰ্মীগৰাকীয়ে বোকাখাতৰ সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙনিৰ কথা দোহাৰে।
সন্থাৰ সভাপতি গৰাকীয়ে নিজৰ বক্তব্যত কৰ’ণা সজাগতাৰ বাবে ফ্ৰণ্ট লাইন সাংবাদিক সকললৈ ৰাজ্য চৰকাৰে আগবঢ়োৱা ৫০ লাখ টকাৰ নিৰাপত্তামূলক সুবিধাৰ বাবে ইণ্ডিয়ান জাৰ্ণালিষ্ট ইউনিয়ন, চমুকৈ ইজু আৰু অসম ৰাজ্যিক সাংবাদিক সন্থাই ধন্যবাদ জনোৱাৰ কথা সদৰি কৰে।
উল্লেখ্য যে দুয়োটি সংগঠনৰ তৰফৰ পৰা পূৰ্বতে ফ্ৰণ্ট লাইন সাংবাদিক সকললৈ এনে নিৰাপত্তামূলক সুবিধা প্ৰদানৰ বাবে অসম চৰকাৰলৈ অনুৰোধ কৰিছিল বুলি সভাপতি গৰাকীয়ে নিজৰ বক্তব্যত দোহাৰি ফ্ৰণ্ট লাইন সাংবাদিক সকললৈ চৰকাৰৰ তৰফৰ পৰা বিশেষ পেকেজৰ সুবিধা প্ৰদান কৰিবলৈকো চৰকাৰলৈ অনুৰোধ জনায়।
আকাশ ফুকনৰ প্ৰতি সহযোগিতা আগবঢ়াই আজিৰ কাৰ্যসূচীত উপস্থিত থাকে সমাজকৰ্মী ক্ৰমে প্ৰসেনজিৎ মৰাং, তাপস ঘোষ, হোমেন দাস, ৰহিমুদ্দিন আহমেদ, নৱজ্যোতি দত্ত, কৃষ্ণ শৰ্মা, মনোজ ঘোষ, জীৱন দাস আৰু মনজিৎ ৰাজবংশী।













