ASSAM TIMES POST
নিউজ ডেস্ক:
আজি গড়কাপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগান মহন আৰু স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিয়ুষ হাজৰিকাৰ উপস্থিতিত স্বাস্থ্য তথা গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভিডিও কণফাৰেঞ্চৰ জৰিয়তে সকলো বিভাগৰ কাৰ্যবাহী অভিযন্তাসকলৰ সৈতে বাৰ্তালাপ কৰে।

উক্ত বাৰ্তালাপত কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত অসম্পূৰ্ণ হৈ থকা প্রকল্পসমূহৰ কাম আৰম্ভ কৰিবলৈ পৰামৰ্শ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।উল্লেখযোগ্য যে উক্ত প্ৰকল্পৰ কামসমূহ চলি থকাৰ সময়ত সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে সজাগতামূলক ব্যৱস্থাসমূহ কঠোৰভাৱে মানি চলিবলৈও পৰামৰ্শ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।













