ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ
সমগ্ৰ দেশতে বৰ্তমানেও চলি আছে দ্বিতীয় পৰ্যায়ৰ লকডাউন| সমগ্ৰ দেশবাসীৰ লগতে ক’ৰণা ভাইৰাছৰ আতংকৰ পৰা মুক্ত হোৱা নাই গোলাঘাটবাসী| এই আতংকৰ মাজতে বুধবাৰে গোলাঘাট জিলাৰ জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোদীয়ে গ্ৰামাঞ্চলৰ উপ-স্বাস্থ্য কেন্দ্ৰ সমূহত উপস্থিত হৈ চিকিৎসা কৰ্মী, আশা কৰ্মী লগত ক’ৰণা ভাইৰাছ ৰোধ কৰিবলৈ আগন্তুক দিনবোৰত কেনেদৰে যুঁজ কৰিব লাগিব সেই বিষয়ত মত বিনিময় কৰে|
গোলাঘাটত জিলাৰ জিলা উপায়ুক্তগৰাকী চাৰিঙিয়া মহকুমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ চোমনী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ লগতে মহিমা উপ-স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক, চিকিৎসা কৰ্মী, নাৰ্চৰ লগতে কৰ্মচাৰী সকলৰ লগত মত-বিনিময় কৰে|
সামাজিক দূৰত্ব ৰক্ষা কৰি অনুষ্ঠিত মত বিনিময় কাৰ্যসূচীত গোলাঘাট জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক তৌফিক হুছেইন, ক’ভিড-১৯ৰ গোলাঘাট জিলা ন’ডেল বিষয়া দিলীপ ৰাজবংশী, চাৰিঙিয়া মহকুমা স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া হেমন্ত হাজৰিকা, কাকডোঙা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জয়ন্ত মাধৱ শৰ্মা, বৃহত্তৰ কাকডোঙা সাংবাদিক সংস্থাৰ সাধাৰণ-সম্পাদক ৰুবুল শইকীয়া, দক্ষিণ পূৱ কাকডোঙা গাঁও পঞ্চায়তৰ সভাপতি নিপন গগৈ, সচিব ৰবীন গগৈ, উত্তৰ পশ্চিম কাকডোঙা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য জয়ন্ত দাস আদি উপস্থিত থাকে|
এই মত বিনিময় অনুষ্ঠানতে গোলাঘাট জিলা বৃহত্তৰ কাকডোঙা অঞ্চলৰ একমাত্ৰ চোমনি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এজন স্থায়ী চিকিৎসক নিযুক্তি দিবৰ বাবে বৃহত্তৰ কাকডোঙা সাংবাদিক সংস্থাই গোলাঘাট জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি উল্লেখ কৰি গোলাঘাট জিলাৰ জিলা উপায়ুক্তক এজন স্থায়ী চিকিৎসক নিযুক্তি দিয়া লগতে নিশা ভাগৰ বাবে এজন চিকিৎসক নিযুক্তি দিব বাবে বৃহত্তৰ কাকডোঙা সাংবাদিক সংস্থাৰ সাধাৰণ-সম্পাদক ৰুবুল শইকীয়া জনায়| জিলা উপায়ুক্তগৰাকীয়ে বিষয়টো গুৰুত্ব প্ৰদান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে|













