ASSAM TIMES POST
ডিফু : কাৰবি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুভাষ চন্দ্ৰ দাসৰ আজি দেহাৱসান হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি অসম সাহিত্য সভাৰ একনিষ্ঠ সেৱক, কাৰবি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সমাজ কৰ্মী ,সুভাষ চন্দ্র দাসৰ যোৱা নিশা ১-৩৫ বজাত গুৱাহাটীৰ ডাউন টাউন চিকিৎসালয়ত শেষ নিঃশ্বাস ত্যাগ কৰাৰ বাতৰিয়ে সুধী সমাজক মৰ্মাহত কৰাৰ লগতে সমগ্ৰ কাৰবি আংলং জিলাত শোকৰ ছাঁ পেলাইছে ।
আজি বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃতদেহ বকলীয়াঘাটৰ নিজা বাসভবন আহি পোৱাৰ লগে লগে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং প্ৰমুখ্যে বহু কেইগৰাকী সাহিত্য সভাৰ সতে জড়িত ব্যক্তিৰ লগতে কাৰবি আংলং তথা বকলীয়াঘাটৰ বিশিষ্ট ব্যক্তি আৰু গুণমুগ্ধই শেষ শ্রদ্ধা নিবেদন কৰে ।
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ পৰমানন্দ ৰাজবংশী, বৰ্তমানৰ সভাপতি কুলধৰ শইকীয়া আৰু সম্পাদক যাদব শৰ্মাই তেখেতৰ মৃত্যুত গভীৰ সমবেদনা জ্ঞাপন কৰিছে । তেখেতৰ বিয়োগ কাৰবি আংলং জিলা সাহিত্য সভাৰ বাবে এক অপূৰণীয় ক্ষতি বুলি জিলা সাহিত্য সভাৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকাই জনাইছে ৷
কাৰবি আংলং জিলা সাহিত্য সভাই সাহিত্যিক গৰাকীৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷
শোকবাৰ্তাঃ

বকলীয়াঘাটৰ বিশিষ্ট সমাজকৰ্মী, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুভাষ চন্দ্ৰ দাসৰ মৃত্যুত কাৰবি আংলং জিলা প্ৰেছ ক্লাৱৰ সভাপতি সম্পাদক কৰি ৰংহাঙ আৰু ডেনিয়েলচন বে’ লগতে হাওৰাঘাট মহকুমা প্ৰেছ ক্লাৱৰ হৈ সভাপতি প্ৰশান্ত বৰা, আৰু সাধাৰণ সম্পাদক ৰূপক দাসে গভীৰ শোক ব্যক্ত কৰিছে ।
আজীৱন সমাজ আৰু দহৰ হিতৰ বাবে উছৰ্গিত মনোভাৱেৰে কাম কৰি যোৱা প্ৰয়াত দাসৰ বিয়োগ সমাজ জীৱনৰ বাবে এক পূৰাব নোৱাৰা ক্ষতি। দাসৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছ কাৰবি আংলং জিলা প্ৰেছ ক্লাৱ আৰু হাওৰাঘাট মহকুমা প্ৰেছ ক্লাৱে ৷













