ASSAM TIMES POST
নিউজ ডেস্ক :
লকডাউনৰ মাজতে আৰক্ষীৰ পোছাকত ধন-সোণ চোৰৰ কলা দাগ লগালে ৰেলৱে আৰক্ষীৰ এজন উপ-পৰিদৰ্শকে।বৃহৎ সংখ্যক ধন-সোণ চোৰ কৰি ধৰা পৰা ৰেইলৱে আৰক্ষীৰ উপ-পৰিদৰ্শক গৰাকীৰ নাম হৈছে শ্ৰৱণ কুমাৰ ঝাঁ।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া অনুসৰি বুধবাৰে নিশা ১২ বজাত বৃহৎ পৰিমাণৰ ধন সোণ সৰবৰাহ কৰি ফটাশিল আৰক্ষী জালত পৰে গুৱাহাটীৰ ৰেইলৱে আৰক্ষীৰ নিলম্বিত উপ- পৰিদৰ্শক শ্ৰৱণ কুমাৰ ঝা আৰু তেওঁৰ ভাতৃ সঞ্জয় কুমাৰ ঝা।এখন চুপাৰ স্পেলেণ্ডাৰ বাইকৰ সৈতে প্ৰায় ৭০ লাখ টকাৰ সোণ আৰু ২২ লাখ নগদ টকাসহ ফটাশিল আৰক্ষীয়ে কৰায়ত্ত কৰে দুয়োকে।
উল্লেখ যে ৰে’লযাত্ৰীৰ সুৰক্ষাত নিয়োজিত থকাৰ নামত চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ৪৫ লাখ টকাৰ সোণ আত্মসাৎ কৰি গ্ৰেপ্তাৰ হৈছিল উপ পৰিদৰ্শক গৰাকী। পূৰ্বৰ ঘটনা সন্দৰ্ভত তেওঁ জামিন লাভ কৰি নিলম্বিত হৈ আছিল।আৰক্ষী সূত্ৰই জনোৱা অনুসৰি নিলম্বিত উপ-পৰিদৰ্শক গৰাকীয়ে নিজ ভাতৃৰ সৈতে মিলি মহানগৰীৰ লালগণেশৰ উপেন্দ্ৰ যাদৱ নামৰ এজন লোকৰ ঘৰৰ পৰা লুকুৱাই ৰখা ২২ লাখ টকাসহ প্ৰায় ১.৫০ কেজি ওজনৰ ১০খন সোণৰ বিস্কুট আৰু আৰু অলংকাৰ লৈ আহি আছিল।
ফটাশিল আৰক্ষীৰ তালাচীত আটক কৰে দুইয়োজনক।পিছত লৈ যোৱা সোণ আৰু নগদ ধনৰ সঠিক তথ্য যোগান ধৰিব নোৱৰা বাবে তেওঁলোকক গ্ৰেপ্তাৰ কৰে ফটাশিল আৰক্ষীয়ে।বৰ্তমান ফটাশিল আমবাৰী থানাতে ৰখা হৈছে দুয়োকে। ঘটনাৰ অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।জনতাৰ সুৰক্ষাত স্বাৰ্থত নিয়োজিত একাংশ খাকী পোছাকধাৰীৰ এনে স্বৰূপ বিভিন্ন সময়ত পোহৰলৈ আহিছে।













