ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
“যেতিয়াই প্ৰত্যাহ্বানৰ সন্মুখীন হয় মানৱ জাতি, সমাধানৰ নতুন নতুন ৰাষ্টা বিচাৰি থাকে”– এই কথা অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিৰ ‘জীৱন আৰু জীৱিকা’ৰ নীতিৰ আধাৰত কাৰ্যতঃ ৰাজ্যখনৰ কৃষি খণ্ডটোক আগবঢ়াই নিয়াৰ প্ৰচেষ্টা ৰাজ্য চৰকাৰৰো নীতি বুলি উল্লেখ কৰে আজি বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত এখনি সংবাদমেলত অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই।
সম্প্ৰতি কৰ’ণাতংকত দেশ জুৰি হোৱা লক-ডাউনৰ বাবে ৰাজ্যৰ লগতে গোলাঘাট জিলাখনতো কৃষকে সন্মুখীন হোৱা ভীষণ প্ৰত্যাহ্বান সন্দৰ্ভত অনুষ্ঠিত সংবাদমেলখনত মন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত ভালেসংখ্যক তথ্য ডাঙি ধৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত।
ইতিমধ্যে ৰাজ্যখনৰ ভিতৰতে গোলাঘাট জিলাই সৰ্বাধিক কৰ’ণাক্ৰান্ত ৰোগী বহন কৰিব লগীয়া হোৱাত গোলাঘাট জিলাৰ পাচলি আন কোনো জিলাত গ্ৰহণ নকৰা বিষয়টোৱেই জিলাখনৰ কৃষক সকলক অতিকে বিমোৰত পেলোৱা কথা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে জনায় যে লক-ডাউনৰ বাবে কৃষকৰ ক্ষতি নোহোৱাকৈ ক্ষতিপূৰণৰ ব্যৱস্থা কৰিছে বৰ্তমান চৰকাৰখনে।
কৰ’ণাতংকৰ ক্ষতি পূৰণ হিচাপে ২৫ কোটি ২৮ লাখ ধন খৰচ কৰা হৈছে গোলাঘাট জিলাখনৰ কৃষিখণ্ডত। কৃষকৰ সুবিধা হোৱাকৈ হোম ডেলিভাৰীৰ জড়িয়তে ফচলৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে তথা এই ব্যৱস্থাক প্ৰশাসনে পৰবৰ্তী সময়তো জাৰি ৰখাৰ পক্ষপাতী বুলি মন্ত্ৰী বৰাই উল্লেখ কৰে। মন্ত্ৰী গৰাকীয়ে আৰু জনায় যে লক-ডাউনৰ ফলত ৪০ কোটি টকা ৰাজ্যখনৰ কৃষিখণ্ডত লোকচান হৈছে। সাধাৰণতে ১১৩ কোটি টকাৰ কৃষিজাত ফচল ৰাজ্যত বিক্ৰী হয়।
আনহাতে ২০০ কোটি অৰুণাচল, উত্তৰ প্ৰদেশ, নগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আদি বহিঃৰাজ্যত বিক্ৰী হয়। সৌভাগ্যজনকভাৱে এই বৰ্ষত পূৰ্বতকৈ কৃষিজাত ফচলৰ দুগুণ উৎপাদন হৈছিল ৰাজ্যখনত। কিন্তু লক-ডাউনৰ বাবে ধাবা তথা হোটেলসমূহ সম্পূৰ্ণকৈ বন্ধ হৈ যোৱাত সামগ্ৰিকভাৱে কৃষিজাত ফচলৰ চাহিদা কমি আহিল আৰু ইয়ে ৰাজ্যখনৰ কৃষি অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলালে।
জিলাখনৰ বহু কৃষকৰ উৎপাদিত পাচলি বজাৰৰ অভাৱত নষ্ট হৈ যোৱা সন্দৰ্ভত সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে কিছু বিলাহী জাতীয় পাচলি স্বাভাৱিক প্ৰক্ৰিয়াতে সোনকালে বেয়া হৈ যায়। কিন্তু তাৰ বিপৰীতে ৰঙালাও জাতীয় পাচলি সৰহ দিন কম যত্নতে ভঁৰালত ৰাখিব পৰা যায়। সেয়েহে কৃষকৰ এনে সমস্যা দূৰ কৰিবলৈ চৰকাৰে অত্যাধুনিক শীতলীকৰণ ভঁৰাল তৈয়াৰ কৰিব লাগিব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে এনে ভঁৰাল চলাবলৈ অত্যাধিক বিজুলীৰ প্ৰয়োজন হোৱাৰ অসুবিধা।
এনে ক্ষেত্ৰত ৰাজ্যৰ কৃষি বিজ্ঞানী আৰু অৰ্থনীতিবিদসকলৰ সৈতে পৰামৰ্শ কৰি ৰাজ্য চৰকাৰে হ্ৰস্ব আৰু দীৰ্ঘ ম্যাদী দুয়োবিধ আঁচনি গ্ৰহণ কৰিছে। এনে আঁচনিৰ জড়িয়তে ৰাজ্যৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰি ৰখাত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰা বুলিও মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। কিটচেন গাৰ্ডেন নিৰ্মাণতো গুৰুত্ব আৰোপ কৰে মন্ত্ৰী গৰাকীয়ে। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে বহিঃৰাজ্যৰ বিভিন্ন খণ্ডত নিয়োজিত অসমৰ যুৱক যুৱতীৰ সৰ্বমুঠ প্ৰায় চাৰিশ কোটি টকা আয়ৰ এক অংশ ৰাজ্যখনলৈকো আহিছিল।
কিন্তু বৰ্তমান লক-ডাউনৰ বাবে বহিঃৰাজ্যৰ পৰা অসমলৈ উভতি অহা যুৱক যুৱতীৰ শ্ৰমহীনতাই গভীৰ প্ৰভাৱ পেলাব অসমৰ গ্ৰাম্য অৰ্থনীতিত। সেয়েহে “মই খেতিয়কৰে সন্তান। গতিকে প্ৰত্যেক বছৰে পথাৰলৈ গৈ ভাল পাও” বুলি কৃষিৰ প্ৰতি নিজৰ আবেগ গধুৰ অনুভৱ প্ৰকাশেৰে তেওঁ এনে যুৱক যুৱতীক বাণিজ্যিক ভিত্তিত কৃষি তথা পশুপালনত আত্মনিয়োগ কৰাত আগ্ৰহী হ’বলৈ মন্ত্ৰী অতুল বৰাই নতুন প্ৰজন্মলৈ আহ্বান জনায়।
তদুপৰি অন্যান্য কৃষি সঁজুলিৰ লগতে ১৭ হেজাৰতকৈ অধিক পাৱাৰ টিলাৰো ৰাজ্যৰ কৃষকলৈ যোগান ধৰাৰ কথা প্ৰকাশ কৰি কৃষকক পাঁচ হাজাৰকৈ ধন দিয়া হৈছে এইখন চৰকাৰৰ দিনতে বুলিও সদৰি কৰে মন্ত্ৰী গৰাকীয়ে। অসমৰ পৰম্পৰাগত পশুধন পালনক বানিজ্যিকৰণ কৰা বহুসংখ্যক যুৱক যুৱতীৰ লক-ডাউনে যথেষ্ট লোকচানৰ সন্মুখীন কৰিলে বুলিও খেদ প্ৰকাশ কৰে।
এই ক্ষেত্ৰত অসম চৰকাৰে বিশেষ আঁচনিৰ পৰিকল্পনা কৰিছে যদিও কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইনলৈ অপেক্ষা কৰি আছে। সম্ভাৱনাময় পৰম্পৰাগত পশু খেতিক, গাখীৰ কণীকে ধৰি পশুৰ পৰা হোৱা ঘৰুৱা উৎপাদনক বৃত্তিমুখী কৰাত গুৰুত্ব আৰোপ কৰি মন্ত্ৰী অতুল বৰাই কয় যে মধ্যভোগীয়ে কৃষকক ৰাম টাঙোন মাৰিব নোৱাৰাৰ ব্যৱস্থা কৰাৰ বাবে নতুন আঁচনিৰ জৰিয়তে পদক্ষেপ লৈছে চৰকাৰখনে।
এই উদ্দেশ্যে জিলাখনত পাঁচশটা বিক্ৰী গোট গঠন কৰি মধ্যভোগীৰ পৰা কৃষকক সকাহ দিয়াৰো ব্যৱস্থা কৰিছে। আনহাতে আজিৰ সংবাদমেলতে সংক্ৰমক জ্বৰত সমগ্ৰ ৰাজ্যৰ লগতে জিলাখনত বহু গাহৰিৰ মৃত্যু সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰাই কয় যে বৰ্তমান ৰাজ্যখনত দেখা দিয়া পশুধন গাহৰিৰ এই সংক্ৰমক জ্বৰৰ লক্ষণ সুকীয়া।
এই জ্বৰত দেখা যায় আফ্ৰিকান চোৱাইন জ্বৰৰ লক্ষণ। ইতিমধ্যে শিৱসাগৰ জিলাখনত ১২৪০ টা গাহৰিৰ আৰু ৰাজ্যখনত মুঠ ২২০৮২ টা গাহৰিৰ মৃত্যু ঘটিছে বুলি জানিবলৈ দি তেওঁ কয় যে ১৯২১ চনত আফ্ৰিকাৰ গাহৰিৰ গাত দেখা দি এই জ্বৰে কম্বোদিয়া, তিব্বত, চীন আদি দেশ পৰ্যন্ত সংক্ৰমণ ঘটিছিল। বৰ্তমান জ্বৰ সংক্ৰমিত গাহৰিৰ নমুনা পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰ ভিত্তিতে চিকিৎসাৰো ব্যৱস্থা কৰা হৈছে। গাহৰিৰ সংক্ৰমণ জ্বৰৰ বিষয়ে মন্ত্ৰী গৰাকীয়ে সাংবাদিকক জনায় যে এই জ্বৰ মানুহৰ গালৈ সংক্ৰমণ নহয়।
কিন্তু মানুহৰ স্পৰ্শৰ জড়িয়তে এই সংক্ৰমণ জীৱবিধলৈ ঘটে। সেইসূত্ৰে ইখন ফাৰ্মৰ পৰা আনখন ফাৰ্মলৈ খাদ্য অনা নিয়াত বাধা আৰোপ কৰিছে চৰকাৰে। উল্লেখ্য যে এই জ্বৰত অৱশ্যে মুক্ত গাহৰিৰহে মৃত্যু ঘটিছে বুলি কৈ মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে ফাৰ্মৰ গাহৰিৰ দেহত এই জ্বৰৰ সংক্ৰমণ নাই। চিন্তনীয় বিষয় যে ৫০০ তকৈ অধিক বনৰীয়া গাহৰি কাজিৰঙাত আছে। সেয়েহে এই ভাইৰাচৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাজিৰঙা কৰ্তৃপক্ষলৈ অনুৰোধ জনাইছে চৰকাৰে।
ঘৰুৱা গাহৰিক প্ৰতিষেধক বেজী দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি সাংবাদিকক জানিবলৈ দিছে মন্ত্ৰী বৰাই। লগতে এই ক্ষেত্ৰত প্ৰতিজন পশু চিকিৎসকক সততা আৰু নিষ্ঠাৰে কাম কৰিবলৈ তেওঁ আহ্বান জনায়। কৰ’ণা প্ৰতিৰোধৰ বাবে সামাজিক আৰু শাৰিৰীক দূৰত্ব বজাই ৰাখিবলৈকো আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে। সংবাদমেলৰ শেষত সাংবাদিক সকলৰ মাজত চেনিটাইজাৰ বিতলণ কৰে মন্ত্ৰী অতুল বৰাই। সংবাদমেলত লগতে উপস্থিত থাকে গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত খনিন দাস, বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম আৰু তথ্য, জনসংযোগ বিষয়া মামন বৰকটকী।













