ASSAM TIMES POST
নিউজ ডেস্ক:
প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লকডাউন সফল কৰি ক’ৰনা বিৰুদ্ধে সবল ভূমিকা পালন কৰা ৰাজ্য জনতাক ধন্যবাদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ।ক’ৰনা বিৰোধী যুঁজত সন্মুখৰ পৰা নেতৃত্ব দিয়া ৰাজ্য প্ৰতিজন চিকিৎসক- নাৰ্ছ তথা চিকিৎসাকর্মী লগতে জৰুৰীকালীন সেৱাত নিয়োজিত প্ৰতিজন যুদ্ধ ত্যাগক স্বীকাৰ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
https://www.facebook.com/SarbanandaSonowal/videos/1058334997896052/
ৰাজ্য জনতাক আহ্বান জনায় তেওঁ কয় “৪ মে’ পৰা ১৭ মে’লৈ চলিব লগা তৃতীয় পৰ্যায়ৰ লকডাউন অসমবাসী ৰাইজে পূৰ্বৰ দৰে সহযোগ কৰক।জৰুৰীকালীন সেৱা আৰু চিকিৎসাসেৱাত নিয়োজিত সকলক উৎসাহ জনাওঁক”।তৃতীয় পৰ্যায়ৰ লকডাউন কিছু শিথিল কৰা হৈছে।
কিন্তু ৰাইজে মনত ৰাখিব ক’ৰনা বিৰোধীৰ যুজঁ শেষ হোৱা নাই।এই যুঁজত জয়ী হবলৈ হ’লে আগন্তক ১৪দিনৰ লকডাউন সফল কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় “জনতা আৰ্থ সামাজিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অৰ্থনীতিক কাম-কাজ সমূহ নিৰ্দিষ্ট নীতি-নিয়মৰ ভিত্তিত আৰম্ভ কৰিবলৈ লোৱা হৈছে।
অৰ্থাৎ আৰ্থিক অৱস্থা টনকিয়াল কৰা বাবে সামান্য শিথিল কৰা হৈছে।কিন্তু লকডাউন শেষ হোৱা নাই”।৪মে’ পৰা আৰম্ভ হোৱা লকডাউন ১৭মে’ লৈ প্ৰতিজন ৰাজ্যবাসীয়ে নিস্তাৰে পালন কৰিব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।ক’ৰনাক প্ৰতিৰোধ কৰিবলৈ হ’লে সামাজিক দূৰত্ব মানি চলিব লাগিব।লগতে মাক্স পিন্ধি পৰিষ্কাৰ হৈ থাকিব লাগিব।
সমাজ খনক এই বিষয়ত সজাগ কৰিব লাগিব-মুখ্যমন্ত্ৰীয়ে কয়।আনহাতে ৰাজ্য ছাত্ৰ-ছাত্ৰীয়ে এটা শিক্ষাবর্ষ হেৰুৱাব লগা নহয় তাৰ বাবে আজি ১০ খন বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰে বৈঠক মিলিত হোৱা বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।
তেওঁ কয় অন্যান্য শিক্ষক-শিক্ষয়িত্ৰী সকলৰ পৰা মতামত গ্ৰহণ কৰি কিদৰে ছাত্ৰ-ছাত্ৰী শিক্ষা আগবঢ়াই নিব পৰা যায় কম সময়তে ঘোষণা কৰা হব।ৰাজ্যবাসীৰ পৰা সহযোগিতা বিচাৰি তেওঁ কয় “আমি এই যুঁজত জয়ী হব লাগিব”।













