ASSAM TIMES POST
নগাঁও : আধুনিক বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰে আকাশ চুব বিচৰা চীন দেশৰ য়ুহান প্ৰদেশত মাথো কেইটামান মাহ পূৰ্বে আবিৰ্ভাৱ ঘটা কৰোনা ভাইৰাছে মাত্ৰ এটা সপ্তাহৰ ভিতৰতে সদাব্যস্ত য়ুহান প্ৰদেশলৈ নমাই আনিছিল মৰিশালিৰ নিস্তব্ধতা। নভেল কৰোনা কবিড-১৯ নামৰ এই মাৰাত্মক ভাইৰাছ বিধে চীন দেশত নৰসংহাৰ চলোৱাৰ সময়ত বিশ্ববাসীয়ে সপোনতো ভবা নাছিল যে কবিড-১৯ৰ আগ্ৰাসনে চীনৰ সীমা পাৰ হৈ মাত্ৰ কেইটামান মাহৰ ভিতৰত সমগ্র বিশ্বক স্তব্ধ কৰি দিব। কৰোনা ভাইৰাছে আনকি লকডাউনৰ নামত সম্প্ৰতি মানৱ জাতিক গৃহবন্দী কৰি পেলাইছে।

আধুনিক বিশ্বক গতিৰুদ্ধ কৰি দিয়া কবিড-১৯ৰ ভয়াবহ নৰসংহাৰৰ ওচৰত হাৰ মানিবলৈ বাধ্য হৈছে বিশ্বৰ বহু কেইখন শক্তিশালী ৰাষ্ট্ৰ। দিশহাৰা তথা অসহায় হৈ পৰিছে সৌৰজগতত বিচৰণ কৰি ফুৰা আধুনিক বিজ্ঞান। কৰোনা ভাইৰাছে বিশ্ব মানৱৰ জীৱনলৈ নমাই অনা এই অভিশপ্ত সময়ৰ পটভূমিত নগাঁৱৰ সাংবাদিক মুৰুলী বৰুৱাই অসমীয়া ভাষাত লিখি উলিয়াইছে ‘কৰোনা-শ্বাসৰুদ্ধ সময়ৰ দস্তাবেজ’ নামৰ গ্ৰন্হখন । গ্ৰন্থখন প্ৰকাশৰ বাবে আগবাঢ়ি আহিছে অসমৰ এক অগ্ৰণী প্ৰকাশন গোষ্ঠী নগাঁৱৰ ‘ক্ৰান্তিকাল প্ৰকাশন’। প্ৰায় ২৫০ পৃষ্ঠাৰ এই গ্ৰন্থখনৰ বেটুপাতৰ পৰিকল্পনা প্ৰকাশক কৈলাশ ৰাজখোৱাৰ। জুন মাহৰ পহিলা সপ্তাহত গ্ৰন্থ উন্মোচন কৰা হ’ব বুলি লিখক মুৰুলী বৰুৱাই জানিবলৈ দিয়ে ।













