ASSAM TIMES POST
নিউজ ডেস্ক:
মঙলদৈ কলেজৰ ইংৰাজী বিভাগৰ প্ৰবক্তা ৰূপা ৰাণী ভূঞাক গ্ৰেপ্তাৰ।মঙলদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিতৰ্কিত প্ৰৱক্তা গৰাকীক।উল্লেখ যে কিছুদিনৰ পূৰ্বে সামাজিক মাধ্যম ফেচবুকত অসমীয়া সাহিত্য সন্মানীয় ব্যক্তি প্ৰয়াত চৈয়দ আব্দুল মালিকৰ “মই অসমীয়া” কবিতাটো মোগল বন্দনা বুলি অভিহিত কৰে বিতৰ্ক সূত্ৰপাত কৰিছিল প্ৰবক্তা ভূঞাই।

তাৰ পিছতে অবক্ত গৰাকীৰ বিৰুদ্ধে ৰাজ্য বিভিন্ন থানাত পৃথকে পৃথকে ৰুজু হৈছিল গোচৰ।সাম্প্ৰদায়িক মন্তৱ্য কৰাৰ অপৰাধত প্ৰৱক্তা ভূঞাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।গুৰুত্বপূৰ্ণ কথা এই যে ‘মই অসমীয়া’ কবিতাতো এটা কিছুশাৰী বিতৰ্কিত কৰি সামাজিক মাধ্যমত পোষ্ট দিছিল।ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতো বিতৰ্কিত ভূঞা উদ্ভণ্ডালী কমা নাছিল।কৰ্তব্যৰত মহিলা আৰক্ষীকো দুব্যৱহাৰ কৰে।আনহাতে গ্ৰেপ্তাৰৰ পিছতে সংবাদ মাধ্যমৰ আগত তেওঁ কয় “অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত মোৰ ভাল বন্ধু।তথ্য ৰাখি থৈছোঁ তেওঁক দিম।তেওঁ লকডাউনত এতিয়া ব্যস্ত আছে”ডিজিপি মহোদয়ে “স্মাইল হুছেইনৰ বন্ধু হোৱা বাবে হয়তো আজি মই গ্ৰেপ্তাৰ হৈছোঁ।পৰৱৰ্তী সময়ত সংবাদ মেল সম্বোধন কৰি সকলো কথা কম”।













