ASSAM TIMES POST
গুৱাহাটী: লকডাউনৰ মাজতে ৰাজ্য ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে অসম ছাত্ৰ পৰিষদৰ ব্যক্তিক্ৰমী প্ৰয়াস।অগপ মুখ্য কাৰ্যালয়ত বুধবাৰে ছাত্ৰ সংগঠনটোৱে শিক্ষাৰ্থীৰ বৈদ্ধিক উত্তৰণৰ বাবে মুকলি কৰিলে পুথিভঁৰাল।ছাত্ৰ পুথিভঁৰালটো মুকলি কৰে অগপ কমলপুৰ সমষ্টি বিধায়ক সত্যব্ৰত কলিতাই।
পুথিভঁৰালতো মুকলি কৰি বিধায়ক কলিতাই কয়- লকডাউনৰ সময়ত এয়া যোগাত্মক পদক্ষেপ।দুৰ্যোগৰ সময়ত ছাত্ৰ ছাত্ৰীক সকলক এই পদক্ষেপে মানসিক ভাৱে সহায় কৰিব।দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকল ইয়াৰ পৰা অধিক উপকৃত হব।
অসম ছাত্ৰ পৰিষদৰ প্ৰয়াস সফল হওঁক”।আনহাতে পুথিভঁৰালতো মুকলিৰ পিছতে অগপ মুখ্যকাৰ্যালয়ত অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় – ছাত্ৰ ছাত্ৰী সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ পুথিভঁৰাল আৰম্ভ কৰা হৈছে।
প্ৰতি জিলাত কিতাপ সংগ্ৰহ কৰিবলৈ সদস্য থাকিব। আজিৰে পৰা অহা ২৬ মে’ পৰ্যন্ত জিলাত থকা স্বেচ্ছাসেৱক সকলে বিভিন্ন জনৰ পৰা কিতাপ সমূহ সংগ্ৰহ কৰিব।তাৰ পিছতে সংগ্ৰহ কৰা কিতাপ সমূহ ২৬ মে’ৰ পৰা ৬ জুন পৰ্যন্ত কিতাপ সমূহ ছাত্ৰ-ছাত্ৰীৰ সকলৰ মাজত বিতৰন কৰা হব লগতে ৬ জুনৰ পৰা ১৬ জুন পৰ্যন্ত বিভিন্ন ধৰনৰ বাহিৰা কিতাপ বিতৰন কৰা হব”।
উল্লেখ যে কিতাপ সমূহ যিসকল ছাত্ৰ-ছাত্ৰীয়ে যোগাযোগ কৰিব সেই সকলক ঘৰে-ঘৰে গৈ যোগান ধৰিব ছাত্ৰ সংগঠন টোৱে-এই কথা বৰুৱাই লগতে কয়।ইফালে পুথিভঁৰালৰ সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীৰ পাঠদানৰ সুবিধা হোৱাকৈ শীঘ্ৰে এটি এপ মুকলি কৰাৰ কথা ঘোষণা কৰে অসম যুৱ পৰিষদৰ সভাপতি সুনিল ডেকাই।অনুষ্ঠানত উপস্থিত থাকে অসম যুৱ পৰিষদৰ কাৰ্যকাৰী সভাপতি তপন দাস।













