ASSAM TIMES POST
উৎপল দাস
গোলাঘাটঃ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কুৱাৰেণ্টাইন ৱাৰ্ডৰ পৰা যোৱা ৫ মে’ৰ নিশা এজন লোক পলায়ন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। উল্লেখ্য যে যোৱা ১ মে’ত বোকাখাত চিকিৎসালয়ৰ পৰা ক’ভিড -১৯ সন্দেহত মুকুল মিত্ৰ নামৰ এজন লোকক ৰখা গৈছিল চিকিৎসালয়লখনৰ কোৱাৰেন্টাইন কক্ষত৷
যাৱতীয় পৰীক্ষা চলি থকা লোকজন কালি নিশা চিকিৎসালয়খনৰ পৰা হঠাৎ পলায়ন কৰাত নগৰখনত হৈ চৈৰ সৃষ্টি হয় যদিও লোকজনৰ স্বাস্থ্যৰ ফলফল নিগেটিভ থকা বুলি জনা যায়। জানিব পৰা মতে, পশ্চিম বংগৰ এই লোকজনৰ যোৱা ৩ মে’ত হোৱা প্ৰথমটো ক’ৰ’ণা পৰীক্ষাত নিগেটিভ ফলাফল আহিছিল যদিও আৰু পৰীক্ষা বাকী আছিল।
তেনে সময়তে লোকজন চিকিৎসালয় কৰ্তৃপক্ষৰ চকুৰ আৰ হৈ এনেকৈ পলায়ন কৰা কাৰ্যত সমগ্ৰ চিকিৎসালয়খনত এতিয়া এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে।













